অসম

assam

ETV Bharat / state

চিমেনমুখৰ হাজং গাঁৱত উদুলি-মুদুলি পৰিৱেশ - General Conference of Hajong Students Union

উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে ধেমাজি জিলাৰ মাজৰবাৰীত অনুষ্ঠিত হোৱা অসম হাজং জাতীয় পৰিষদৰ ৮৪ সংখ্যক আৰু সদৌ অসম হাজং ছাত্র সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশনস্থলীত । দ্বিতীয়দিনাৰ কাৰ্যসূচী সুকলমে অনুষ্ঠিত হোৱাৰ পাছতে দেওবাৰে উন্মোচন কৰা হ'ব স্মৃতিগ্ৰন্থ পথতাৰা ।

General Conference of Hajong Jatiya Parishad
চিমেনমুখৰ হাজং গাঁৱত উদুলি-মুদুলি পৰিৱেশ

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 9:30 AM IST

চিমেনমুখৰ হাজং গাঁৱত উদুলি-মুদুলি পৰিৱেশ

জোনাই,১০ ডিচেম্বৰ:ধেমাজি জিলাৰ চিমেনমুখ মাজৰবাৰীৰ হৰিনাথপুৰ হাজং গাঁৱত অনুষ্ঠিত অসম হাজং জাতীয় পৰিষদৰ ৮৪ সংখ্যক আৰু সদৌ অসম হাজং ছাত্র সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশনক লৈ এক উদুলি-মুদুলি পৰিবেশে বিৰাজ কৰিছে । বৰ্ণাঢ্য কাৰ্যসূচীৰে চাৰিদিনীয়াকৈ আয়োজিত এই অধিবেশনৰ তৃতীয় দিনা অৰ্থাৎ দেওবাৰে পুৱা ৯ বজাত স্মৃতিগ্ৰন্থ পথতাৰা উন্মোচন কৰিব অৱসৰপ্ৰাপ্ত ৰে'লৱে উচ্চপদস্থ বিষয়া নীলমাধৱ হাজঙে ।

ইয়াৰ পাচতে পুৱা ৯:৩০ বজাৰ পৰা হাজং সাহিত্য সভাৰ সভাপতি কানুৰাম হাজঙৰ পৌৰোহিত্যত 'বৰ্তমানৰ শিক্ষা ব্যৱস্থা আৰু যুৱ সমাজৰ ভূমিকা' শীৰ্ষক বিষয়ৰ ওপৰত হ'বলগা আলোচনাচক্ৰখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ক'লাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ উৎপল চন্দ্ৰ হাজং, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়া, মানকাচৰ হাইস্কুলৰ সহকাৰী শিক্ষক কমলেশ্বৰ হাজঙে ।

দিনৰ ১:৩০ বজাত চিমেন চাপৰি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড৹ ৰুণু গগৈৰ ৰচিত অসমৰ হাজং জনগোষ্ঠী সমাজ আৰু সংস্কৃতি গ্ৰন্থখন উন্মোচন কৰিব পাটাছাৰকুছি এন এইছ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লোহিতা হাজঙে । বিয়লি ৩:৩০ বজাত অনুষ্ঠিত হ'ব অন্তিমখন প্ৰতিনিধি সভা ।

ইফালে অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে পুৱা ৭:৩০ বজাত বন্তি প্ৰজ্বলন কৰে অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজঙে । পুৱা ৮ বজাত স্মৃতি তৰ্পণ কৰে অসম হাজং জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক অলিক হাজং আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধনেশ্বৰ হাজঙে । পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নিত্যানন্দ হাজঙে । অধিৱেশনত লেৱাটানা, গোপিনী আদি হাজঙৰ লোক নৃত্য প্ৰদৰ্শন কৰা হয় ।

পুৱা ১০ বজাত দ্বিতীয়দিনৰ ২:৩০ বজাত তৃতীয়, সন্ধিয়া ৬ বজাত চতুৰ্থ প্ৰতিনিধি বৈঠক অনুষ্ঠিত কৰা হয় । নিশা ৯:৩০ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ।

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ ডায়েৰী-২ আৰু মুখ্যমন্ত্রীৰ বক্তৃতা সংকলন-২কে ধৰি চাৰিখন গ্রন্থ উন্মোচন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details