অসম

assam

ETV Bharat / state

মাজৰবাৰীত হাজং জাতীয় পৰিষদ আৰু হাজং ছাত্র সন্থাৰ কেন্দ্ৰীয় অধিৱেশন - হাজং ছাত্র সন্থা

মাজৰবাৰীত অসম হাজং জাতীয় পৰিষদৰ ৮৪ সংখ্যক আৰু সদৌ অসম হাজং ছাত্র সন্থাৰ ৩৬ সংখ্যক কেন্দ্ৰীয় অধিৱেশন ৷ চৈধ্যখন জিলাৰ ডেৰ শতাধিক প্ৰতিনিধিৰ অংশগ্ৰহণ ৷

General Conference of Hajong Jatiya Parishad
উখল মাখল হৰিনাথপুৰ হাজং গাঁও

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 9:07 PM IST

হাজং জাতীয় পৰিষদৰ 84 সংখ্যক কেন্দ্ৰীয় অধিৱেশন

জোনাই, 8 ডিচেম্বৰ : শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অসম হাজং জাতীয় পৰিষদৰ 84 সংখ্যক আৰু সদৌ অসম হাজং ছাত্ৰ সন্থাৰ 36 সংখ্যক কেন্দ্ৰীয় অধিৱেশন ৷ ধেমাজি জিলাৰ চিমেনমুখ মাজৰবাৰীৰ হৰিনাথপুৰ হাজং গাঁৱত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে এই কাৰ্যসূচী ৷

যৌথ অধিৱেশনৰ শুকুৰবাৰে পুৱা 7 বজাত মহন্ত হাজঙৰ নেতৃত্বত স্বচ্ছতা অভিযান, পুৱা 7.30 বজাত বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ হাজঙে ৷ পুৱা 8 বজাত গছপুলি ৰোপণ কৰে প্ৰাক্তন ৱাৰ্ড সদস্য স্বপেন্দ্ৰ হাজঙে ৷ পুৱা 8.30 হাজং হাউলীৰ দ্বাৰ উন্মোচন অসম হাজং জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক যতন হাজঙে ৷ পুৱা 9 বজাত প্ৰতিনিধি শিবিৰ মুকলি কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱালে ৷

পুৱা 9.30 বজাত ভোজনালয় উদ্ধোধন কৰে হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পাৰ্থ কুমাৰ হাজঙে ৷ পুৱা 10 বজাৰ পৰা প্ৰতিনিধি পঞ্জীয়নৰ পাছত পুৱা 10.30 বজাত মূল মঞ্চ উদ্ধোধন কৰে চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য সুজিত হাজঙে ৷ বিয়লি 4 বজাত প্ৰতিনিধি সভাকক্ষ উন্মোচন কৰে সৰ্বোদয় হাইস্কুলৰ প্ৰধান শিক্ষক জীৱন পেগুৱে ৷ সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম প্ৰতিনিধি সভা ৷ ইতিমধ্যে গোৱালপাৰা, ওদালগুৰি, দৰং, হোজাই, বাক্সা, চিৰাং, দক্ষিণ শালমৰা, নগাঁও, কামৰূপ, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া,কাৰ্বি আংলং জিলাৰ পৰা ডেৰশতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে এই সভাত ৷

প্ৰতিনিধি সভাত হাজং সকলৰ জাতীয় সমস্যা বিশেষকৈ হাজং সকলক স্বায়ত্ত শাসন প্ৰদান কৰা, হাজং ভাষাৰ বিকাশ ঘটোৱা, ভূমিৰ সমস্যা, বান-খহনীয়া আদি বিষয়ত আলোচনা হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :পকিবলৈ ধৰিছে সুস্বাদু কমলা, ইষ্ট ছিয়াঙৰ ৰসাল কমলাৰে ভৰিছে অসমৰ বজাৰ

ABOUT THE AUTHOR

...view details