অসম

assam

ETV Bharat / state

স্বচ্ছতাই ঢুকি পোৱা নাই ঐতিহাসিক বগীবিল দলঙক - বগীবিল

বগীবিল দলঙক ঢুকি পোৱা নাই স্বচ্ছ ভাৰতৰ শ্ল'গানে ৷ যেনিয়েই চকু ফুৰাই তাতেই দেখিব ছিপচ্​ৰ পেকেট,কাগজৰ টুকুৰা,পানীৰ বটল তথা ভিন্ন আৱৰ্জনা ৷

garbage-on-bogibeel-bridge
স্বচ্ছতাই ঢুকি পোৱা নাই ঐতিহাসিক বগীবিল দলঙক

By

Published : Dec 25, 2019, 1:30 PM IST

ধেমাজি,২৫ :ডিচেম্বৰঃ ২০১৮ ৰ ২৫ ডিচেম্বৰ দিনটোতে মুকলি কৰা হৈছিল ঐতিহাসিক বগীবিল দলং ৷ এবছৰ পূৰ্ণ কৰিলে দলংখনে ৷ কিন্তু এবছৰৰ পাচত এনে লাগে যেন দলংখনক ঢুকি পোৱা নাই স্বচ্ছ ভাৰতৰ শ্ল'গানে ৷ বৰ্তমান সম্পূৰ্ণ অপৰিস্কাৰ হৈ পৰিছে দলংখন ৷ যেনিয়েই চকু ফুৰাই তাতেই দেখিব ছিপচ্​ৰ পেকেট,কাগজৰ টুকুৰা,পানীৰ বটল তথা ভিন্ন আৱৰ্জনা ৷ দলঙৰ দুয়োকাষে থকা ছিদ্ৰসমূহো আৱৰ্জনাৰ ফলত মাৰ যাও যাও অৱস্থা ৷

বগীবিল দলঙক ঢুকি পোৱা নাই স্বচ্ছ ভাৰতৰ শ্ল'গানে

মন কৰিবলগীয়া যে স্বচ্ছতাৰ নামত ঝাৰু লৈ কেৱল চ'ছিয়েল মেডিয়াত ফটোৰে উপচাই দিয়া পিছত যেন পিছলৈ ঘূৰি চাবলৈ সময় নহয় কোনো জন লোকৰে। বিভিন্নজনে আকৌ চৰম দায়িত্বহীনতাৰ পৰিচয়েৰে দলঙৰ ওপৰতে দলিয়াই থৈ যায় এই আৱৰ্জনাবোৰ ৷ সেইদৰে স্বচ্ছতাৰ নামত চৰকাৰী সংশ্লিষ্ট বিভাগটোৱে কোটি কোটি টকা খৰচ কৰি অহাৰ সত্বেও ঐতিহাসিক দলংখনৰ ওপৰত পৰা নাই সু দৃষ্টি ।

লগতে পঢ়কঃজনসমুদ্ৰত পৰিণত হ'ল চৌকিদিঙী খেলপথাৰঃ গণ আন্দোলনলৈ জনতাৰ অভূতপূৰ্ব সঁহাৰি

উল্লেখ্য যে,এবছৰ পূৰ্বে আজিৰ দিনটোতে দলঙৰ উত্তৰ পাৰৰ কাৰেং বালি চাপৰিত বিশাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ লক্ষ জনতাক সম্বোধন কৰি আনুষ্ঠানিকভাৱে উদঘাটন কৰিছিল দেশৰ দীৰ্ঘতম আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং বগীবিল সেতু । প্ৰায় 23 বছৰ অপেক্ষাৰ অন্তত মুকলি হোৱা দলঙখন সেই সময়ত সমগ্ৰ ভাৰততে চৰ্চাৰ বিষয় হৈ পৰিছিল ৷

ABOUT THE AUTHOR

...view details