জোনাই ১৬ মে:সমগ্ৰ দেশত ক’ভিড পৰিস্থিতি জটিল ৰূপ ধাৰণ কৰা সময়তে অৰুণাচলৰ পূব চিয়াং জিলাৰ পাচিঘাতত ফ্ৰেণ্ডচ অৱ এইটটিছ নামৰ এটা দলে বাকিন পেৰ্টিন অসামৰিক চিকিৎসালয়ত এমাহৰ বাবে যোগান ধৰিলে অক্সিজেন ছিলিণ্ডাৰ ।
১৯৮০ চনত অৰুণাচলৰ পূৱ চিয়াং জিলা পাচিঘাটৰ বিভিন্ন স্কুল কলেজত পঢ়ি থকা এটা সহপাঠীৰ দল আৰ্থাৎ ফ্ৰেণ্ডচ অৱ এইটটিছে শনিবাৰে অতিমাৰী ক'ভিডক প্ৰতিহত কৰিবলৈ পাচিঘাট স্বাস্থ্য বিভাগক দুটা অক্সিজেন ছিলিণ্ডাৰ যোগান ধৰাৰ লগতে অনাগত এমাহৰ বাবে ক’ভিড ৰোগী সকলৰ বাবে অক্সিজেন যোগান ধৰিব বুলি জানিব দিয়ে।
অৰুণাচলৰ পূৱ চিয়াং জিলাৰ পাচিঘাটস্থিত বাকিন পেৰ্টিন চিকিৎসালয় সভা কক্ষত অনুষ্ঠিত কৰা সভাত মূখ্য অতিথি হিচাবে উপস্থিত থাকি পূৱ চিয়াং পাচিঘাটৰ বিধায়ক কালিং ময়ঙ, পাচিঘাট চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৱাই আৰ দাৰাঙ আৰু বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত মহন্ত পাংগিঙে কয়, ’ফ্ৰেণ্ডচ অৱ এইটটিছে বিভিন্ন সময়ত সমাজৰ কাম কৰি আহিছে কিন্তু, এই মহামাৰীৰ সময়চোৱাত সকলোৰে বাবে অক্সিজেনৰ বেছি প্রয়োজন সেইবাবে এইবাৰ তেওঁলোকে দুটা অক্সিজেন ছিলিণ্ডাৰৰ লগতে ক’ভিড ৰোগীৰ কাৰনে এমাহৰ অক্সিজেন পাচিঘাট স্বাস্থ্য বিভাগলৈ দান কৰিব ।’