অসম

assam

ETV Bharat / state

Free training of UPSC and APSC: জোনাইত UPSC আৰু APSC ৰ বিনামূলীয়া প্ৰশিক্ষণৰ সফল সামৰণি - Assam Public Service Commission

মূৰ্কংচেলেক মহাবিদ্যালয়ত TMPK ৰ উদ্যোগত অনুষ্ঠিত UPSC আৰু APSC ৰ বিনামূলীয়া প্ৰশিক্ষণৰ সফল সামৰণি ৷ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধেমাজি জিলাৰ লগতে কেইবাখনো জিলাৰ পৰা প্ৰায় 300 ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে (Free training of UPSC and APSC in Jonai) ৷

Free training of UPSC and APSC in Jonai
জোনাইত TMPKৰ উদ্যোগত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচী

By

Published : Mar 21, 2023, 10:12 AM IST

জোনাই, 20 মাৰ্চ: মূৰ্কংচেলেক মহাবিদ্যালয়ত TMPKৰ উদ্যোগত অনুষ্ঠিত UPSC আৰু APSC ৰ বিনামূলীয়া প্ৰশিক্ষণৰ সফল সামৰণি ৷ TMPKৰ জোনাই জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা UPSC আৰু APSC ৰ বিনামূলীয়া প্ৰশিক্ষণৰ সোমবাৰে সফল সামৰণি পৰে (Free training of UPSC and APSC in Jonai) ৷

যোৱা 5 মাৰ্চৰ পৰা, সপ্তাহৰ প্ৰতিটো দেওবাৰে অনুষ্ঠিত হোৱা উক্ত UPSC আৰু APSC ৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধেমাজি জিলাৰ লগতে কেইবাখনো জিলাৰ পৰা প্ৰায় 300 ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ৷ মূৰ্কংচেলেক মহাবিদ্যালয়ত অনুষ্ঠিত কৰা প্ৰথম আৰু দ্বিতীয় প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদী, জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতু পল্লৱ বৰুৱা, সহকাৰী আয়ুক্ত নয়নমনী দত্তই ৷ অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়েও অংশগ্ৰহণ কৰে (Union Public Service Commission) ৷

আনহাতে অন্তিম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে জোনাইৰ সহকাৰী আয়ুক্ত নিভা দাসে ৷ TMPK জোনাই জিলা সমিতিৰ সম্পাদক মিগম দলেৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা অন্তিমটো প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগ তথা কাৰ্যবাহী সদস্য ৰাজু মেদক, TMPK ৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তুষাৰ ঙাতে, জোনাই জিলা TMPK ৰ সভাপতি সঞ্জয় কুম্বাং, সাহিত্য সম্পাদক কেমৰাজ লাগাছু, সদস্য বিনেশ পাতিৰ, জান দলে, TMMK ৰ জোনাই জিলা সমিতিৰ সভানেত্ৰী-সম্পাদিকা ক্ৰমে দীপিকা পেগু আৰু ভাৰতী চুংক্ৰাং আদিৰ লগতে উপস্থিত থাকে TMPK ৰ জোনাই জিলা সমিতিৰ বহুকেইগৰাকী বিষয়-ববীয়া (Assam Public Service Commission) ৷

প্ৰতিযোগিতামূলক পৰীক্ষাৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকি সহায়-সহযোগিতা আগবঢ়ালে TMPK ৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক চান পাংগিং, সদস্য পংকিল পাতিৰ,TMMKৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী গীতাঞ্জলি বৰি পাতিৰ, TMPK জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদক দিনেশ পেগুৱে (TMPK organize Competitive Examination Training in Jonai)

লগতে পঢ়ক: Demanding the formation of autonomous state: স্বায়ত্তশাসিত ৰাজ্য গঠনৰ দাবীত ২৩ মাৰ্চত দিল্লীত ধৰ্ণাত বহিব কেইবাটাও সংগঠন

ABOUT THE AUTHOR

...view details