অসম

assam

ETV Bharat / state

জোনাইত ক’ভিড সম্পৰ্কে সজাগতা কাৰ্যসূচী - বিনামূলীয়া মাস্ক বিতৰণ

জোনাই প্ৰেছ ক্লাৱ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ক’ভিড সম্পৰ্কে সজাগতা সভাৰ লগতে বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচী ৷ এই মাস্ক বিতৰণ কাৰ্যসূচী জোনাইৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে শুভ উদ্বোধন কৰে ৷

জোনাইত ক’ভিড সম্পৰ্কে সজাগতা সভা
জোনাইত ক’ভিড সম্পৰ্কে সজাগতা সভা

By

Published : May 10, 2021, 8:38 AM IST

জোনাই, ১০ মে’ : সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড-১৯ য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইফালে ক’ভিড-১৯ ৰ পৰা ৰক্ষা পাবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ কৰ’ণাৰ এই ভয়াৱহতাৰ পৰা ৰাইজক সজাগ কৰিবলৈ দেওবাৰে জোনাইত মহকুমা প্ৰশাসন, জোনাই প্ৰেছ ক্লাৱ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত মাস্ক বিতৰণ কৰা হয় ।

জোনাইৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে এই মাস্ক বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ৷ মহকুমাধিপতি গৰাকীয়ে কয়,"জোনাইৰ ৰাইজ সজাগ হওক, সকলোৱে বিশেষ প্ৰয়োজনীয়তা নাথাকিলে বাহিৰ নোলাব, মাস্ক সকলোৱে পৰিধান কৰক যাতে আমি সকলোৱে ক’ভিডৰ পৰা বাচি থাকো" বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ৷

জোনাইত ক’ভিড সম্পৰ্কে সজাগতা কাৰ্যসূচী

আনহাতে, জোনাই সপ্তাহিক বজাৰ যোৱা মূল পথত 'মাস্ক পৰিধান কৰক', 'সজাগ হওক', 'ঘৰতে থাকক সুস্থ থাকক', 'আপোনাৰ লগতে পৰিয়াল ও সমাজৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক' বেনাৰ লৈ জোনাই ৰাইজৰ মাজত ক'ভিড মহামাৰী সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য বজাৰলৈ অহা সকলো মানুহক চেনিটাইজাৰ আৰু এখনকৈ জোনাই মহকুমা প্ৰশাসন, জোনাই প্ৰেছ ক্লাৱ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত জোনাইবাসীৰ মাজত মাস্ক বিতৰণ কৰা হয় ।

উল্লেখ্য় যে, এই মাস্ক বিতৰণ কাৰ্যসূচীত জোনাই প্ৰেছ ক্লাৱৰ সভাপতি গৌতম পেগু, সম্পাদক ভাস্কৰ টায়েং, সদস্য দেবেন টায়ুং, মনোজ প্ৰজাপতি, প্ৰানজিত দলেৰ লগতে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, কাৰ্যনিৰ্বাহক নীল গগৈ, জিলা সমিতিৰ সাংগঠনিক সম্পাদক ধিৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি আৰু জোনাই প্ৰেছ ক্লাৱ, যুৱ ছাত্ৰ পৰিষদৰ সদস্য সদস্যা উপস্থিত থাকে ৷

লগতে পঢ়ক : বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা ২১৪২ জনলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details