অসম

assam

ETV Bharat / state

ধেমাজিত সন্মিলিত যুৱ বিকাশ অসমৰ উদ্যোগত বিনামূলীয়া ছাত্ৰাবাস মুকলি - বিনামূলীয়া ছাত্ৰাবাস মুকলি

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷ সভাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, জিলা শ্ৰম বিষয়া ভৱজিত দলেৰ লগতে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

free boys hostal inaugurations at dhamaji
ধেমাজিত সন্মিলিত যুৱ বিকাশ অসমৰ উদ্যোগত বিনামূলীয়া ছাত্ৰাবাস মুকলি

By

Published : Nov 26, 2020, 10:10 PM IST

ধেমাজি, 26 নৱেম্বৰঃসন্মিলিত যুৱ বিকাশ অসমৰ অধীনত বৃহস্পতিবাৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সমীপত এটি বিনামূলীয়া ছাত্ৰাবাস মুকলি কৰে ৷ ছাত্ৰবাসটো আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই ৷

ধেমাজিত সন্মিলিত যুৱ বিকাশ অসমৰ উদ্যোগত বিনামূলীয়া ছাত্ৰাবাস মুকলি

উক্ত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয় ৷ সভাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, জিলা শ্ৰম বিষয়া ভৱজিত দলেৰ লগতে অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

ধেমাজিত সন্মিলিত যুৱ বিকাশ অসমৰ উদ্যোগত বিনামূলীয়া ছাত্ৰাবাস মুকলি

উল্লেখ্য যে, জিলাখনৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰৰ বাবে সংগঠনটোৱে এক ব্যতিক্ৰমী প্ৰদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে সংগঠনটোৰ মুখ্য তত্বাবধায়ক হিটলাৰ শইকীয়াই ৷ ছাত্ৰবাসটোত ৯ টাকৈ কোঠাত কেইবাগৰাকী ছাত্ৰই বসবাস কৰিব পাৰিব বুলি সংগঠনটোৰ বিষয়ববীয়াই উল্লেখ কৰিছে ৷ সম্প্ৰতি সংগঠনটোৰ এনে মহান প্ৰচেষ্টাক স্থানীয় ৰাইজে শলাগ লোৱা দেখা গৈছে ।

লগতে পঢ়কঃ বানবিধস্ত অঞ্চলৰ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় দলে

ABOUT THE AUTHOR

...view details