ধেমাজি, 6 আগষ্ট :মূৰৰ পৰা গেলিছে ৰাজ্যৰ স্বাস্থ্যখণ্ড ৷ স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তনৰ নামত ধেমাজি অসামৰিক চিকিৎসালয়ত চলিছে চৰম অৰাজগতা ৷ শনিবাৰে এই অভিযোগ উত্থাপন কৰিছে ধেমাজি অসামৰিক চিকিৎসালয়লৈ অহা এগৰাকী ৰোগীয়ে ৷ অভিযোগ অনুসৰি, ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ পৰিৱৰ্তে ৰোগীক স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসকৰ গাড়ী চালকে (Fraud doctor in Dhemaji) ৷
চিকিৎসকৰ দৰেই ভুৱা চিকিৎসকগৰাকীয়ে ৰোগীক দিছে প্ৰেচকিপচন ৷ আনকি, ৰোগী ডিম্পী দিহিঙীয়াক কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ দিছে আলটা চাউণ্ড কৰিবলৈ ৷ কিন্তু চিকিৎসকজনৰ চাল চলনৰ ওপৰত ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ আত্মীয়ৰ সন্দেহ ওপজে ৷
সেয়ে ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ অভিভাৱকে এই সন্দৰ্ভত চিকিৎসালয়খনৰ অন্য এগৰাকী চিকিৎসকক চিকিৎসকজনৰ বিষয়ে অৱগত কৰে ৷ পিছত ধেমাজি অসামৰিক চিকিৎসালয়ৰ 3 নং কক্ষত বহা চিকিৎসকগৰাকীৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৰহস্য ৷