অসম

assam

By

Published : Aug 3, 2019, 11:16 PM IST

ETV Bharat / state

মন্ত্ৰী নৱ দলেৰ পত্নীৰ ডিলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে মন্ত্ৰী নৱ দলেৰ পত্নীৰ বিৰুদ্ধে ৷ ধেমাজিৰ নিবনুৱা যুৱকসকলে শনিবাৰে নৱ দলেৰ পত্নীৰ মালিকাধীন ডিলাৰটোত উপস্থিত হৈ প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

নৱ দলেৰ পত্নীৰ ডিলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

ধেমাজি, 3 আগষ্ট : পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ মন্ত্ৰী নৱ দলেৰ পত্নীৰ মালিকাধীন 'আবুতানি মাৰ্কেইন্টাইল প্ৰাইভেট লিমিটেড' নামৰ তিনিচকীয়া বাহন প্ৰতিষ্ঠানত শনিবাৰে নিশা উত্তেজনাৰ সৃষ্টি হয় ৷ ডিলাৰটোৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে ধেমাজিৰ দুই শতাধিক যুৱকে ৷ এই প্ৰতিষ্ঠানটোৱে 'চিটি এপে' নামৰ তিনিচকীয়া বাহন খন ক্ৰয় কৰা সকলক 'চিটি পাৰ্মিট' উলিয়াই দিয়াৰ প্ৰলোভন দি ধেমাজিৰ নিবনুৱা যুৱকক শ শ বাহন বিক্ৰী কৰে ৷ কিন্তু বৰ্তমানেও চহৰৰ মাজত চলোৱাৰ পাৰ্মিট উলিয়াই নিদি প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে যুৱকসকলে ৷ ইয়াৰোপৰি বীমা আৰু পঞ্জীয়নৰ নামত এই যুৱক সকলৰ পৰা 18 - 29 হাজাৰ টকালৈকে আদায় কৰিলে যদিও ইয়াৰ মূল্য 4 হেজাৰ টকাহে বুলি জানিব পৰা গৈছে ৷ বাকী ধন প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে আত্মসাৎ কৰাৰ অভিযোগ তুলিছে যুৱকসকলে ৷

নৱ দলেৰ পত্নীৰ ডিলাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ

শেহতীয়াকৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে চহৰৰ মাজত এই বাহনখন চলোৱাত নিষেধাজ্ঞা জাৰি কৰে ৷ এই কথাত ক্ষোভিত হৈ পৰা বাহনৰ গৰাকী সকলে ডিলাৰলৈ সবিশেষ জনাবলৈ আহে যদিও প্ৰতিষ্ঠানটোৰ মেনেজাৰ গৰাকী পলায়ন কৰে ৷ ক্ষুব্ধ বাহনৰ গৰাকীসকলে অৱশেষত প্ৰতিষ্ঠানটো ঘেৰাও কৰাৰ লগতে প্ৰতিবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

ABOUT THE AUTHOR

...view details