ধেমাজি, 10 আগষ্ট : মহামাৰীৰ কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সমান্তৰালকৈ ধেমাজিত ভয়াৱহ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে ৷ এই বিষয়ে ধেমাজি মহকুমা স্বাস্থ্য বিষয়া ডাঃ পি এন দেউৰীয়ে কয় যে, জিলাখনত জাপানীজ এনকেফেলাইটিছৰ (Japanese encephalitis) প্ৰাদুৰ্ভাৱ যথেষ্ট বৃদ্ধি পাইছে ৷ এতিয়ালৈকে জিলাখনত মুঠ ২৩ গৰাকী লোকৰ দেহত চিনাক্ত হৈছে জাপানী এনকেফেলাইটিছ ৰোগৰ লক্ষণ ৷
কৰ'ণা নহয়, এইবাৰ মৃত্য়ুদূতৰ ৰূপত জাপানীজ এনকেফেলাইটিছ - কৰ’ণা মহামাৰী
ধেমাজিত ভূতৰ ওপৰত দানহ পৰা দি কৰ’ণাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে জাপানী এনকেফেলাইটিছ ৰোগী ৷ ৰাইজক সজাগ হ'বলৈ আহ্বান স্বাস্থ্য বিভাগৰ ৷
কৰ'ণা নহয়, এইবাৰ মৃত্য়ুদূতৰ ৰূপত জাপানীজ এনকেফ্লাইটিছ
আক্ৰন্ত সকলৰ ভিতৰত চাৰিগৰাকী লোকৰ মৃত্যুু হৈছে ৷ ইফালে এই ৰোগত আক্ৰান্ত হৈ ইতমধ্যে আৰোগ্য হৈছে 13 গৰাকী লোক লগতে এতিয়াও চিকিৎসাধীন হৈ আছে ৬ গৰাকীকৈ লোক ৷ ইতিমধ্যে এনকেফ্লাইটিছত আক্ৰান্ত হোৱা ঠাইসমূহৰ আশে পাশে স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰিছে স্বাস্থ্য বিভাগে ৷ ইয়াৰ উপৰিও অঞ্চলসমূহত ধোঁৱা দিয়াৰো ব্যৱস্থা কৰিছে বুলি মন্তব্য কৰে ধেমাজি মহকুমা স্বাস্থ্য বিষয়া ডাঃ পি এন দেউৰীয়ে ৷
লগতে পঢ়ক -20 খন বিচনাযুক্ত ICU কক্ষ উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ