অসম

assam

By

Published : Nov 10, 2020, 10:55 AM IST

ETV Bharat / state

ধেমাজিত কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তনৰ লাইখুঁটা স্থাপন

দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে ধেমাজিত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তন ৷ মংগল বাৰে হাতীগড় লাচিত খেলপথাৰত স্থাপন কৰা হয় লাইখুঁটা ৷

as_dmj_02_foundational_program_img_as10021
ধেমাজিত কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তনৰ লাইখুঁটা স্থাপন

ধেমাজি,10 নৱেম্বৰ:অহা ১-২ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে ধেমাজি হাতীগড় লাচিত খেলপথাৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তন ৷ সেই উপলক্ষে মংগল বাৰে হাতীগড় লাচিত খেলপথাৰত স্থাপন কৰা হয় লাইখুঁটা ৷ সম্পূৰ্ণ আহোম ৰীতি নীতিৰে স্থাপন কৰা হয় লাইখুঁটা ৷

ধেমাজিত কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তনৰ লাইখুঁটা স্থাপন

লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বহুকেইজন বিশিষ্ট ব্যক্তি ৷ কেন্দ্ৰীয় চ্যুকাফা দিৱস আৰু আহোম জাতীয় মহা অভিৱৰ্তন অনুষ্ঠানটোত আহোম জনগোষ্ঠীয় লোক সকলক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লাইখুঁটা স্থাপন অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিকেইগৰাকীয়ে ৷

লগতে পঢ়ক:তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী

ABOUT THE AUTHOR

...view details