অসম

assam

ETV Bharat / state

Jonai Press Club: জোনাই প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী - Jonai Press Club

জোনাই প্ৰেছ ক্লাবৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান সম্পন্ন (Jonai Press Clubs Foundation Day) । এই অনুষ্ঠানত কেইবাগৰাকী ব্য়ক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

Jonai Press Clubs Foundation Day
জোনাই প্ৰেছ ক্লাবৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

By

Published : May 3, 2023, 3:06 PM IST

জোনাই প্ৰেছ ক্লাবৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

জোনাই, 3 মে':জোনাই প্ৰেছ ক্লাবৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান মঙলবাৰে নিজা কাৰ্যালয়ৰ গাম্ভীৰ্যপূৰ্ণ পৰিবেশ অনুষ্ঠিত হয় (24th Foundation Day of Jonai Press Club)। এই উপলক্ষে পুৱা জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগুৱে পতাকা উত্তোলনৰ পিছত স্মৃতি তৰ্পণ কৰা হয় । পুৱা এঘাৰ বজাৰ পৰা মুকলি সভা, বঁটা প্ৰদান, সম্বৰ্ধনা আৰু বক্তৃতানুষ্ঠান আৰম্ভ হয় (Silver Jubilee of Jonai Press Club) ।

জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগুৱে সভাপতিত্বত কৰা তথা সম্পাদক মনোজ কুমাৰ প্ৰজাপতিয়ে আঁতধৰা মুকলি সভাখন উদ্বোধন কৰে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগুৱে । উদ্বোধক পেগুৱে ভাষণত নিৰ্ভীকতাৰে সত্যক প্ৰতিষ্ঠা কৰাই সংবাদ মাধ্যমৰ পবিত্ৰ দায়িত্ব বুলি উল্লেখ কৰি এচাম হালধীয়া সাংবাদিকে বিবেক বিক্ৰী কৰিলেও নিৰ্ভীক সাংবাদিকসকলৰ বাবে সংবাদ মাধ্যম বৰ্তি থকা বুলি মন্তব্য কৰে । উক্ত সভাত সমাজ জীৱনলৈ বিশিষ্ট বৰঙণিৰ বাবে বিশিষ্ট নাগৰিক ৰাসেশ্বৰ পায়েঙক 'জীৱনজোৰা সাধনা বঁটা' আৰু মেধাৱী ছাত্ৰ গিলবাৰ্ন দলেক 'শিক্ষক জৰ্জ পেগু সোঁৱৰণী কৃতী ছাত্ৰ বঁটা' প্ৰদান কৰা হয় ।

উক্ত সভাত বিশিষ্ট নাগৰিক তথা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড৹ হৰকান্ত পেগু, বিশিষ্ট শিল্পী-সাহিত্যিক ইন্দ্ৰেশ্বৰ পেগু, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱক সমাজ জীৱনলৈ অনবদ্য অৱদানৰ বাবে বিশেষ সম্বৰ্ধনা জনোৱা হয় । লগতে জোনাই প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি তাৰানাথ মহন্ত, প্ৰাক্তন সম্পাদক প্ৰদীপ গগৈ, প্ৰাক্তন সভাপতি নাৰায়ণ পাৱ, প্ৰাক্তন সম্পাদক জীপেন দলে আৰু মৰণোত্তৰভাৱে জোনাই প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি প্ৰয়াত চুছেন পাৱ, প্ৰয়াত টিকেন্দ্ৰ ফুকনৰ পৰিয়াল আৰু প্ৰাক্তন বিষয়ববীয়াক বিশেষ সম্বৰ্ধনা জনোৱা হয় ।

বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দেশৰ স্বাধীনতাৰ আগৰ আৰু স্বাধীনোত্তৰ তথা সাম্প্ৰতিক সংবাদ মাধ্যমৰ পৰিবৰ্তনৰ ধাৰা উল্লেখ কৰি শিক্ষক আৰু সাংবাদিকসকল সমাজৰ মূল খুঁটি বুলি মন্তব্য কৰে । তদুপৰি তেওঁ অসমৰ সম্পদ-সম্ভাৱনাক সংবাদ মাধ্যমে সঠিকভাৱে দাঙি ধৰাৰ লগতে মানৱ সম্পদ বিকাশৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে । উত্তৰ-পূৰ্বাঞ্চলত সুকীয়া সময় মণ্ডল গঠনৰ লগতে সীমান্তৱৰ্তী জোনাই মহকুমাৰ সামগ্ৰিক উন্নয়নৰ বাবে পৰিকল্পনা যুগুত কৰি আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায় । জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি গুণগত তথা নিৰ্ভীক সংবাদ সেৱা কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া জোনাই প্ৰেছ ক্লাবক শুভেচ্ছা জনায় ।

এই সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়কুমাৰ দলে, বিশিষ্ট নাগৰিক বগাৰাম দেউৰী, অৱসৰপ্ৰাপ্ত শিক্ষক মাধৱ পাৱ, লীলা টায়ে, নবীন গগৈ, জোনাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অৱসৰপ্ৰাপ্ত অধ্যাপক ভেউলাকান্ত পেগু, আছুৰ প্ৰাক্তন সাহিত্য সম্পাদক আৰ্নল্ড টায়ে, যশস্বী শিল্পী তৰাৱতী মিলি বৰি, অধ্যাপক ৰাজু ৰেগন, জলেন্দ্ৰনাথ দলে, বিশিষ্ট নাগৰিক কৰ্জুন ঠাইত, চন্দীৰাম পেগু, লকেচন দলে, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, চিলাপথাৰ প্ৰেছ ক্লাবৰ সভাপতি গুণাধৰ দলে, সম্পাদক লভিৰাম বৰি, ইউ বি পি অ'ক সভাপতি মনোৰঞ্জন বসুমতাৰী, জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বৰি, জোনাই জিলা ট্ৰাইবল সংঘৰ সম্পাদক পদ্মেশ্বৰ দলে, আছু নেতা ৰঞ্জিত বসুমতাৰী, সাংবাদিক প্ৰফুল্ল কামনা, গৌতম পেগু, ভাস্কৰজ্যোতি টায়েং, হৰেণ চাৰহ, দেবেন টায়ুং, কৰবী দলে, প্ৰাণজিৎ দলে, অনুজ প্ৰজাপতি, অশোষ পাৰিক আদিৰ লগতে বহু বিশিষ্ট নাগৰিক আৰু জোনাই বিজ্ঞান মহাবিদ্যালয়, জোনাই বালিকা মহাবিদ্যালয় আৰু মুৰ্কংচেলেক মহাবিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে ।

এই সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলেৰ দ্বাৰা বিজয় বৰিৰ 'অজান্তিমুলুকৰ বৰেণ্য ব্যক্তি' আৰু ৰয়েল পেগুৱে প্ৰণয়ন কৰা 'ৰূপালী জয়ন্তী গৰকা জোনাই প্ৰেছ ক্লাব' শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে । 'সাম্প্ৰতিক প্ৰেক্ষাপটত সংবাদ মাধ্যমৰ সামাজিক দায়বদ্ধতা' শীৰ্ষক বক্তিতা অনুষ্ঠানত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকনে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি সংবাদ মাধ্যম সদায় সাধাৰণ জনসাধাৰণৰ ওচৰত দায়বদ্ধ বুলি মন্তব্য কৰে ।

লগতে পঢ়ক:AAP slams GMC mayor: মেয়ৰ মৃগেন শৰণীয়াৰ এবছৰীয়া কাৰ্যকালক 'ব্যর্থতাৰ এবছৰ' আখ্যা আপৰ

ABOUT THE AUTHOR

...view details