সদৌ অসম হাজং ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ জোনাই, ১৪ ফেব্ৰুৱাৰী:সোমবাৰৰ পৰা আৰম্ভ হৈছেসদৌ অসম হাজং ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (36th Foundation Day of All Assam Hajong Students Union)। সদৌ অসম হাজং ছাত্র সন্থাৰ হৰিনাথপুৰ আৰু তুলসীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ আতিথ্য়ত হৰিনাথপুৰ হাজং কৃষ্টি ভৱনত অনুষ্ঠিত হৈছে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ এই প্ৰতিষ্ঠা দিৱস । ইয়াৰ সৈতে সংগতি ৰাখি সোমবাৰে পুৱা ৭ বজাত সামূহিক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
সামূহিক চাফাইৰ পিছত পুৱা ৯-৩০ বজাত মূল মঞ্চ উদ্ধোধন কৰে হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পাৰ্থ কুমাৰ হাজঙে । ইপিনে, পুৱা ১১-৩০ বজাত শিক্ষাৰ্থীসকলৰ মাজত এখনি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দিনৰ ২ বজাৰ পৰা প্ৰদৰ্শন কৰা হয় হাজং সকলৰ জাতীয় কৃষ্টি । এই কাৰ্যসূচীত কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰে । বিয়লি ৪ বজাত প্ৰতিনিধি সভা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় ।
সদৌ অসম হাজং ছাত্ৰ সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় তথা অন্তিম দিনা মঙলবাৰে পুৱা ৭ গছপুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী সৰ্পেন্দ্ৰ হাজঙে । ইয়াৰ পিছতেই পুৱা ৮ বজাত পতাকা উত্তোলন কৰে সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ হাজঙে । এই অনুষ্ঠানৰ পাছতে পূৱা ৯ শ্বহীদ তৰ্পণ কৰে সদৌ অসম হাজং ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিজয় হাজঙে । পুৱা ১০ বজাৰ পৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে ।
পুৱা ১১-৩০ বজাত জীৱন-জীৱিকাৰ ওপৰত অনুষ্ঠিতব্য় আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰিব গ্ৰাম্য স্বেচ্ছাসেৱী কেন্দ্ৰৰ বিষয়ববীয়াই । দিনৰ ১-৩০ বজাত সদৌ অসম হাজং ছাত্র সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিপদ হাজঙৰ সভাপতিত্বত অনুষ্ঠিতব্য় মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি সঞ্জীৱ হাজং। এই মুকলি সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূবন পেগু ( MP Pradan Barua) ।
সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং, অসম হাজং জাতীয় ঐক্য মঞ্চৰ সভাপতি নিশিকান্ত হাজং, সাধাৰণ সম্পাদক সাগৰ হাজং, অসম হাজং মহিলা সমিতিৰ সভানেত্ৰী পদ্মা হাজং, সাধাৰণ সম্পাদিকা পম্পী হাজং, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী, টিএমপিকেৰ সাধাৰণ সম্পাদক তিলক দলে, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱাল, এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, জিএম প্ৰতাপ চন্দ্ৰ টায়ে, কনক দলে । তদুপৰি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব আছু, এবছু, গোৰ্খা ছাত্ৰ সন্থা, দেউৰী ছাত্ৰ সন্থা, এমএমকে, বাঙালী ফেডাৰেছন, ভোজপুৰী পৰিষদ, ট্ৰাইবেল সংঘৰ জিলা সমিতিৰ বিষয়ববীয়া আৰু কেইবাগৰাকী শিক্ষক, সমাজকৰ্মী । সন্ধিয়া ৭ বজাত এটি বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে সদৰি কৰিছে ।
লগতে পঢ়ক:Robbery at petrol pump: কোকৰাঝাৰৰ পেট্ৰ'ল পাম্পত পিষ্টল দেখুৱাই লক্ষাধিক টকা লুট