ধেমাজি, 3 জুলাই :দীৰ্ঘদিনৰ পৰা অসম-অৰুণাচল সীমান্তত সংঘটিত হৈ আহিছে ভূমি বিবাদ ৷ প্ৰায়ে অসমৰ ভূমিত আধিপত্য বিস্তাৰৰ চেষ্টা চলাই আহিছে অৰুণাচলী দুৰ্বৃত্তই ৷ সম্প্ৰতি অসম-অৰুণাচল সীমান্তত অব্যাহত আছে সীমা বিবাদ ৷ তাৰ মাজতে ধেমাজিৰ সীমান্তৱৰ্তী বিবাদমান ভূমি জয়ৰামপুৰ-চিলনীবস্তিত শুকুৰবাৰে উপস্থিত হয় ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷
বিবদমান ভূমি পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ ভূমিত গছপুলি ৰোপণ কৰে ৷ সীমান্তত থকা অসমীয়া লোকসকলে দীৰ্ঘদিন ধৰি অৰুণাচলীৰ সৈতে সু-সম্পৰ্ক থকা বুলি মন্তব্য কৰাৰ বিপৰীতে অৰুণাচলী লোকে নিজৰ মাটি বুলি দাবী কৰা পৰিৱেশত বনমন্ত্ৰী গৰাকীয়ে কৌশলী মন্তব্য দি আশ্বস্ত কৰা দেখা যায় ৷ কিছুদিনৰ পূৰ্বে সীমান্তৱতী জয়ৰামপুৰ অঞ্চলৰ কেঁচাকাঠনি আৰু চিলনীবস্তিৰ শূন্য কিল’মিটাৰ ভূমিক লৈ বেদখলৰ ঘটনা সংঘটিত হৈছিল ।
উক্ত স্থানত অসম চৰকাৰৰ ধেমাজিৰ বন বিভাগৰ অধীনত থকা এখন সংৰক্ষিত বনাঞ্চলৰ বহু মূল্যৱান গছ-গছনি অৰুণাচলী লোকে কাটি ধংস কৰি ভূমি বেদখলৰ চেষ্টা চলায় ।