জোনাইত বিদেশী নাগৰিক আটক
ধেমাজি বিদেশী ন্যায়াধীকৰণ আদালতে বিদেশী ঘোষণা কৰা লোক জনৰ নাম ৰবি আলী
জোনাই,25 জুলাইঃ জোনাইৰ কবু চাপৰিত বিদেশী নাগৰিক আটক ৷ ধেমাজি জিলাৰ জোনাইত সীমান্ত আৰক্ষীয়ে বুধবাৰে আটক কৰে এজন বাংলাদেশী নাগৰিক ৷ আটকাধীন লোকজনৰ নাম ৰবি আলী আৰু পিতাকৰ নাম চোৰমান আলী বুলি চিনাক্ত ৷ ধেমাজি বিদেশী ন্যায়াধীকৰণ আদালতে ৰবি আলীক বিদেশী বুলি ঘোষণা কৰাৰ লগতে লোক জনক আটক কৰি নিজ দেশলৈ উভতাই পঠাবলৈ নিৰ্দেশ জাৰি কৰে ধেমাজি জিলা আৰক্ষী আৰু সীমান্ত আৰক্ষীক ৷ সেই মৰ্মে ধেমাজি জিলাৰ সীমান্ত আৰক্ষীয়ে আজি কবু চাপৰিৰ পৰা লোক জনক আটক কৰি ধেমাজি লৈ যায় ৷ উল্লেখ্য যে,জোনাইৰ কবু চাপৰি নদীৰ দ্বীপ হোৱা বাবে বহুজন তেনে বিদেশী নাগৰিকে বহু দিন ধৰি বসবাস কৰি আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷