অসম

assam

ধেমাজিত কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্যৰ অভাৱ

কোৱাৰেন্টাইন কেন্দ্ৰটোত থকা লোকসকলে প্ৰয়োজনীয় খাদ্যৰ অভাৱত পৰা বুলি অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

By

Published : May 23, 2020, 12:17 PM IST

Published : May 23, 2020, 12:17 PM IST

Food scarcity at dhemaji engineering college quarantine centre
ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্যৰ অভাৱৰ অভিযোগ

ধেমাজি, 23 মে': ৰাজ্যৰ কোৱাৰেন্টাইন কেন্দ্ৰসমূহত ক্ৰমাৎ বৃদ্ধি পাইছে বহিঃৰাজ্যৰ পৰা অহা লোকৰ সংখ্যা ৷ চৰকাৰ তথা প্ৰশাসনে কেন্দ্ৰসমূহত থকাসকলৰ বাবে পাৰ্যমানে কৰিছে যাৱতীয় ব্যৱস্থা ৷ কিন্তু ইয়াৰ মাজতে ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে খাদ্যৰ অভাৱৰ অভিযোগ ৷ কোৱাৰেন্টাইন কেন্দ্ৰটোত থকা লোকসকলে প্ৰয়োজনীয় খাদ্য অভাৱত পৰা বুলি অভিযোগ উত্থাপন কৰি এই সন্দৰ্ভত স্বাস্থ্য বিভাগৰ পৰা উপযুক্ত ব্যৱস্থাৰ দাবী কৰিছে ৷

অভিযোগ অনুসৰি পুৱাৰ ব্ৰেকফাষ্ট আৰু আন খাদ্য সামগ্ৰীসমূহ কোৱাৰেন্টাইন চেন্টাৰৰ গেটত সংশ্লিষ্ট দায়িত্বপ্ৰাপ্ত লোকে থৈ যোৱাৰ লগে লগে কোৱাৰেন্টাইন চেন্টাৰত থকা আৱাসীৰ মাজত হেতা-ওপৰা লাগে ৷ ফলত নতুনকৈ ভৰ্তি হোৱাসকলে খাদ্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত সুব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ মধ্য জোনাই আঞ্চলিক সমিতিয়ে ৷

ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰত খাদ্যৰ অভাৱৰ অভিযোগ

বিগত 17 মে'ৰ নিশা প্ৰায় 11 বজাত অন্ধ্ৰপ্ৰদেশৰ পৰা জোনাই মহকুমাৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰামধন দিখাৰী অঞ্চলৰ বিঞ্চুপুৰ, জামুগুৰী, গাঁৱৰ পাঁচগৰাকী শ্ৰমিকে ৰে'লৰে আহি 19 মে'ৰ নিশা প্ৰায় 9 বজাত গুৱাহাটী পায়হি ৷ তাৰ পাছতে নিশা 10 বাজি 30 মিনিটত গুৱাহাটীৰ পৰা বাছেৰে আহি 20 মে'ৰ পুৱা 10 বাজি 30 বজাত ধেমাজিত উপস্থিত হয় ৷ লগে লগে বহিঃ ৰাজ্যৰ পৰা অহা শ্ৰমিক সকলক ধেমাজি ইঞ্জিনিয়াৰিং কলেজত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰে ধেমাজি আৰক্ষী-প্ৰশাসনে ৷

লগতে পঢ়কঃ 99গৰাকী যাত্ৰীসহ পাকিস্তানত ভূ-পতিত বিমান

ABOUT THE AUTHOR

...view details