ধেমাজি, 8 মে':সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ প্ৰতিদিনে জিলাখনৰ শ শ লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৷ এইপৰ্যন্ত জিলাখনত নতুনকৈ 682 গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত হৈছে ৷ ইয়াৰে 447 গৰাকীৰ দেহত ক’ভিড সক্ৰিয় হৈ আছে ক’ভিড মহামাৰী ৷ ক’ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে জিলাখনৰ কেইবাটাও অঞ্চল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে ৷
কন্টেইনমেন্ট অঞ্চলৰ লোকক খাদ্য বিতৰণ কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ - ক’ভিড পৰীক্ষা
ধেমাজি জিলাৰ বিভিন্ন অঞ্চলত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰশাসনে জিলাখনৰ কেইবাটাও এলেকা কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ ইয়াৰ মাজতে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ ধেমাজি চক্ৰৰ যুৱ সমাজৰ সৌজন্যত কন্টেইমেন্ট এলেকাৰ প্ৰতিটো পৰিয়ালক প্ৰদান কৰিছে খাদ্য সামগ্ৰী ৷
এই দুৰ্যোগৰ মাজতে কন্টেইনমেন্ট জ’নত থকা লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ একাংশ সদস্য ৷ "আত্মা প্ৰেমেই জগতত শান্তিৰ মূল" কৃষ্ণগুৰুৰ এই বাণীকেই সাৰোগত কৰি কৃষ্ণগুৰু আন্তৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ ধেমাজি চক্ৰৰ যুৱ সমাজৰ সৌজন্যত ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত চমৰাজান কপাহতলী গাঁৱৰ কন্টেইনমেন্ট এলেকাৰ প্ৰতিটো পৰিয়ালক প্ৰদান কৰা হয় খাদ্য সামগ্ৰী ৷ এই খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ হৈ উপ-সভাপতি মৃদুল বৰুৱা ধেমাজি চক্ৰৰ যুৱ সমাজৰ ভাস্কৰ কলিতা, নিপু গগৈ, প্ৰদীপ বৰুৱা, গোপাল বৰুৱাকে ধৰি আন কেইবাজনো বিষয়ববীয়া ৷