ধেমাজি,২৯ মাৰ্চ: ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি(Rangali Bihu preparation) ৷ ঢোল-পেঁপাৰ মাতত মুখৰিত ৰাজ্যৰ আকাশ-বতাহ । ব্যস্ততা বাঢ়িছে বিহুৱা নাচনীসকলৰ । সমানে ব্যস্ত হৈ পৰিছে বিহুত ব্যৱহৃত বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা লোকশিল্পীসকলৰ । বিহুত আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰী কেইপদেই হৈছে ঢোল, পেঁপা, গগনা ৷ এইসমূহৰ অবিহনে যেন অসম্পূৰ্ণ ৰঙালী বিহুৰ আনন্দ আৰু পৰম্পৰা ৷
সেয়ে এই বিভিন্ন লোকবাদ্যসমূহ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ধেমাজি গোটুং হাঁহচৰা গাঁৱৰ লোকবাদ্য নিৰ্মাতা, শিল্পী ভোগেশ্বৰ গগৈ (Bhogeshwar Gogoi preparing Bihu instruments) ৷ ঢোল, খোল, নাগাৰা, পেঁপা, সৰু-ডাঙৰ বাঁহী, সুতুলি, গগনা, ঢোলৰ মাৰি, টকা আদি প্ৰস্তুত কৰিছে বিহুৰ বাবে ৷ ইতিমধ্যে বহু সামগ্ৰী ধেমাজি সাপ্তাহিক বজাৰ, গোগামুখ সাপ্তাহিক বজাৰ, চিলাপথাৰ, চিচিবৰগাঁও আৰু চিৰিপানী সাপ্তাহিক বজাৰত বিক্ৰী কৰিছে শিল্পীগৰাকীয়ে (Bihu instruments pepa gogona) ।
ইয়াৰোপৰি বিহুৱা নাচনীক এই সামগ্ৰীসমূহ যোগান ধৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে শিল্পীগৰাকী ৷ ইপিনে ম’হৰ শিঙৰ অভাৱত পেঁপাৰ দাম বৃদ্ধি পাইছে বজাৰত ৷ কাৰণ শিল্পীগৰাকীয়ে সুদুৰ অৰুণাচলৰ পাহাৰ বগাই পাচিঘাটৰ চিয়াং নদীৰ দাঁতিকাষৰীয়া অঞ্চল আদিৰ পৰা ম’হৰ শিং সংগ্ৰহ কৰি আনি বিহুৱাৰ বাবে প্ৰস্তুত কৰিছে যুৰীয়া আৰু গুটিয়া পেঁপা (Pepa gogona for Rangali Bihu) ৷