ধেমাজি, 26 নৱেম্বৰঃ ধেমাজিত দিন-দুপৰতে চোৰৰ আতংক ৷ ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে টকা ভৰ্তি বেগ লৈ উধাও চোৰ ৷ মঙলবাৰে ধেমাজিৰ ৰাজ্যিক কৃতি বঁটা প্ৰাপক তথা নলনিপাম প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী শশীমাই শইকীয়া নামৰ মহিলাগৰাকীয়ে ধেমাজি State Bank শাখাৰ পৰা নগদ 50 হাজাৰ টকা উলিয়াই খোজ কাঢ়ি ঘৰলৈ যোৱাৰ বাটতে মটৰ চাইকেলেৰে অহা দুজনীয়া এটা চোৰৰ দলে টকা ভৰ্তি বেগটো থপিয়াই লৈ উধাও হয় ৷
ধেমাজিত চোৰে থপিয়ালে টকা ভৰ্তি বেগ - ধেমাজিত চোৰে থপিয়ালে টকা ভৰ্তি বেগ
ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই টকা ভৰ্তি বেগ লৈ উধাও দুই চোৰৰ ৷
ধেমাজিত চোৰে থপিয়ালে টকা ভৰ্তি বেগ
মহিলাগৰাকীৰ বেগত প্ৰায় 55 হাজাৰ টকাৰ লগতে ম’বাইল তথা বিভিন্ন গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল বুলি উল্লেখ কৰে ৷ এই ঘটনাৰ পিচতে তেওঁ আৰক্ষীৰ কাষ চাপে যদিও এতিয়ালৈ দোষীক কৰায়ত্ত কৰিব পৰা নাই ৷ এই ঘটনাই নিৰাপত্তা দিশটোৰ স্বৰূপ উদঙাইছে ৷
আৰু পঢ়কঃ প্ৰেমৰ বাবে মঙলদৈত যুৱতীক হত্যা