ধেমাজি, 29 ছেপ্তেম্বৰঃ ৰাই নদীৰ কৰালগ্ৰাসত পৰি সৰ্বস্বান্ত হৈ পৰিছে ধেমাজি বিধান সভা সমষ্টিৰ লক্ষীপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ অঞ্চল ৷ ৰাই নৈৰ পানীয়ে বুৰাই পেলাইছে 1 আৰু 2 নং বৰুৱা গাঁৱৰ প্ৰায় 100 টা পৰিয়ালৰ বাসগৃহ ৷ বানত একাকাৰ হৈ পৰিছে অঞ্চলটোৰ বাট-পথ ৷ এক অবৰ্ণনীয় পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বানাক্ৰান্তই ৷ ইতিমধ্যে বোকাত পোত গৈছে বহুকেইটা পৰিয়ালৰ ঘৰৰ ভেটি ৷ যাৰ বাবে ঠায়ে ঠায়ে বালি খান্দি দূষিত পানী সেৱন কৰি তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া গাঁওবাসীয়ে ৷
এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ বন্যাৰ্তৰ - ৰাই নৈ
ৰাই নৈৰ পানীয়ে বুৰাই পেলাইছে ধেমাজি বিধানসভা সমষ্টিৰ 1 আৰু 2 নং বৰুৱা গাঁও ৷ ইতিমধ্যে বোকাত পোত গৈছে বহুকেইটা পৰিয়ালৰ ঘৰৰ ভেটি ৷ যাৰ বাবে ঠায়ে ঠায়ে বালি খান্দি দূষিত পানী সেৱন কৰি তৃষ্ণা নিবাৰণ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া গাঁওবাসীয়ে ৷
![এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ বন্যাৰ্তৰ Flood victims are suffering from shortage of drinking water at Dhemaji](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8979006-thumbnail-3x2-d.jpg)
এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ বন্যাৰ্তৰ
এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ বন্যাৰ্তৰ
ৰাইজৰ এই সমস্যা সন্দৰ্ভত সাংসদ প্ৰদান বৰুৱাৰ লগতে স্থানীয় বিধায়ক ৰণোজ পেগুক বাৰাম্বাৰ অবগত কৰাৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই ক্ষেত্ৰত ৰাইজক সকাহ প্ৰদানৰ বাবে অস্থায়ী শৌচালয় যোগান ধৰা অথবা এটুপি বিশুদ্ধ খোৱাপানী যোগানৰো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগেও ৷ সেয়েহে অতিশীঘ্ৰে ৰাইজক এটুপি খোৱাপানীৰ ব্যৱস্থা কৰি দিবলৈ জনপ্ৰতিনিধিৰ লগতে বিভাগটোক কাতৰভাৱে আহ্বান জনাইছে দুৰ্ভগীয়া ৰাইজে ৷