অসম

assam

By

Published : Jul 12, 2020, 6:04 PM IST

ETV Bharat / state

জটিল ৰূপ ধাৰণ কৰিছে জোনাইৰ বান পৰিস্থিতিয়ে

ধেমাজি জিলাৰ জোনাইতো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বিগত কিছুদিনৰ তুলনাত জোনাইৰ বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ বিগত বছৰৰ তুলনাত এইবছৰ পানীৰ মাত্ৰা বৃদ্ধি পোৱাত বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে মহকুমাটোৰ প্ৰায় তিনি শতাধিক গাঁও বুৰ গৈছে বানত ৷

flood situation of jonai assam worsened
জোনাইৰ বান পৰিস্থিতি

জোনাই,12 জুলাই: প্ৰায় এমাহে নেৰা-নেপেৰাকৈ দি থকা বৰষুণৰ ফলত ৰাজ্যত ক্ৰমাৎ শোচনীয় ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ ধেমাজি জিলাৰ জোনাইতো অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ বিগত কিছুদিনৰ তুলনাত জোনাইৰ বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ জোনাইৰ মাজেৰে বৈ যোৱা চিয়াং,লালী,ব্ৰহ্মপুত্ৰৰ দৰে নদী-উপনদীসমূহ বৰষুণৰ ফলত ইতিমধ্যে ওফন্দি উঠা পৰিলক্ষিত হৈছে ৷ বিগত বছৰৰ তুলনাত এইবছৰ পানীৰ মাত্ৰা বৃদ্ধি পোৱাত বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ৷ ইতিমধ্যে মহকুমাটোৰ প্ৰায় তিনি শতাধিক গাঁও বুৰ গৈছে বানত ৷

জোনাইৰ বান পৰিস্থিতি

আনহাতে,বানাক্ৰান্তই সম্প্ৰতি আশ্ৰয় গ্ৰহণ কৰিছে ওখ মথাউৰিত ৷ ফলত কিছু কিছু এলেকাত তীব্ৰ খাদ্য সংকটৰ লগতে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বানাক্ৰান্তৰ মাজত ৷ তথ্য অনুসৰি,জোনাইৰ 228 খন গাঁও জলমগ্ন হোৱাৰ লগতে প্ৰায় 80 হাজাৰ লোক গৃহহাৰা হৈছে বানত ৷ সমান্তৰালকৈ 28 হাজাৰ হেক্টৰ কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত বিপদৰ সন্মুখীন হৈছে কৃষকসকল ৷ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা বানাক্ৰান্তক উদ্ধাৰৰ বাবে নিয়োজিত কৰা হৈছে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ ছখনকৈ নাওঁ ৷ লগতে নদীদ্বীপ কবুচাপৰিলৈ ফেৰীৰে খাদ্য সামগ্ৰী স্থানান্তৰ কৰা হৈছে ৷

ক্ৰমাৎ শোচনীয় ৰূপ ধাৰণ

তদুপৰি,বানাক্ৰান্তসকলৰ বাবে তিনিটাকৈ চৰকাৰী আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে ৷ সম্প্ৰতি মুৰ্কংচেলেক বালিকা বিদ্যালয়ত 98 গৰাকী, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 26 গৰাকী আৰু চমকং হাইস্কুলত 150 গৰাকীৰো অধিক বন্যাৰ্তই আশ্ৰয় গ্ৰহণ কৰিছে ৷ জোনাই প্ৰশাসনে ইতিমধ্যে অঞ্চলটোৰ ওখ ঠাইসমূহত ৰাইজৰ থকাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও বানাক্ৰান্তৰ মাজত ত্ৰিপাল আৰু দুবাৰকৈ খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মহকুমা প্ৰশাসনে বানাক্ৰান্তক বান সাহায্য প্ৰদান কৰিছে যদিও পশুধনসমূহৰ খাদ্যৰ অভাৱত অৱস্থা শোচনীয় হৈ পৰা দেখা গৈছে ৷

লগতে চাওকঃননৈ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়া লোকৰ কথমপি প্ৰাণৰক্ষা

ABOUT THE AUTHOR

...view details