জোনাই ২৯ জুন : জোনাইত চিয়াং নৈৰ ভয়াবহ বানত নদীদ্বীপ কবু চাপৰিত ঘৰ ভেটি সকলো হেৰুৱাই দিশহাৰা হৈ পৰিছে 8 খন ৱাৰ্ডৰ পৰিয়াল । যোৱা তিনিদিনে বানৰ কবলত জলবন্ধী জোনাইৰ কবু চাপৰি। চিয়াং নৈৰ বাঢ়নী পানীত জোনাইৰ কবু চাপৰিৰ 8 খন ৱাৰ্ডেতে সম্পূৰ্নৰূপে বুৰ গৈ আছে মানুহৰ ঘৰ-বাৰী, কৃষি ভূমি, বাট পথ বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ আদি সম্পূৰ্নৰূপে পানী ডুব গৈ আছে | চাৰিওফালে জলমগ্ন হোৱাত মানুহৰ লগতে পোহনীয়া জীৱজন্তু মাজতো সৃষ্টি হৈছে খাদ্যৰ সমস্যাই | জোনাই মহকুমাৰ চিয়াং নদীৰ বাঢ়নী পানীত বহু অঞ্চল বানত প্লাৱিত হয়।
চিয়াঙৰ বানত প্লাৱিত জোনাইৰ বিস্তীৰ্ণ অঞ্চল - চিয়াং নৈ
জোনাইৰ কবু চাপৰিত অপৰিৱৰ্তিত বান পৰিস্থিতি ৷ দিশহাৰা হৈ পৰিছে 8 টা ৱাৰ্ডৰ পৰিয়াল ৷
কবু চাপৰিত তিনিদিনে অপৰিৱৰ্তিত বান পৰিস্থিতি
লগতে পঢ়ক: অসমৰ যুৱকৰে কাশ্মীৰত জেহাদী কাৰ্যকলাপ চলোৱাৰ ষড়যন্ত্ৰ !
বিশেষকৈ কবু চাপৰি, বেৰা চাপৰি, মুনমোনি চাপৰি আদিৰ লগতে চিলে, বাহিৰ জোনাই, গালী, বিজয়পুৰ, লাইমেকুৰী আৰু ৰামধন দিখাৰী পঞ্চায়তৰ বিস্তীৰ্ণ এলেকা পানীত ডুব যায়৷ ইমানৰ পিছতো চৰকাৰ তথা প্ৰশাসনে খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ |