অসম

assam

ETV Bharat / state

ধেমাজিত কিছু উন্নত হৈছে বান পৰিস্থিতি - Flood situation became normal at Dhemaji

বান কমিলেও জীয়াঢলৰ পাশ্বৱৰ্তী গাওঁসমুহত আঁতৰা নাই দুৰ্যোগ ৷ বছৰটোত জীয়াঢলে বাৰে বাৰে জুৰুলা কৰাৰ পিছত আগন্তুক দিনক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক সকল ৷

Flood situation became normal at Dhemaji
ধেমাজিত কিছু উন্নত হৈছে বান পৰিস্থিতি

By

Published : Sep 18, 2020, 11:57 AM IST

ধেমাজি, 18 ছেপ্তেম্বৰ:বিশ্বকৰ্মা পূজাৰ দিনটোতে বানে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পাছত শুকুৰবাৰে কিছু উন্নত হৈছে ধেমাজিৰ বান পৰিস্থিতি ৷ বানৰ প্ৰকোপ কিছু কম হোৱাত শুকুৰবাৰে গাওঁসমূহত হ্ৰাস পাইছে পানীৰ পৰিমান ৷ উল্লেখ্য যে, বিশ্বকৰ্মা পূজাৰ দিনটোতে অৰ্থাৎ বৃহস্পতিবাৰে দুটাকৈ অংশত জীয়াধল মথাউৰি চিঙাৰ পিছত কেউফালে পানী পানী হৈ পৰাত নিশালৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত বন্ধ কৰি দিছিল প্ৰশাসনে ৷ অৱশ্যে পানী হ্ৰাস পোৱাত পুৱাৰ পৰা পুনৰ যাতায়ত সূচল হৈ উঠিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে ৷

ধেমাজিত কিছু উন্নত হৈছে বান পৰিস্থিতি

ইপিনে বান কমিলেও জীয়াঢলৰ পাশ্বৱৰ্তী গাওঁসমুহত আঁতৰা নাই দুৰ্যোগ ৷ বছৰটোত জীয়াঢলে বাৰে বাৰে জুৰুলা কৰাৰ পিছত আগন্তুক দিনক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক সকল ৷ আনফালে বানাক্ৰান্ত ৰাইজৰ দুৰৱস্থাৰ খবল লবলৈ এজনো জনপ্ৰতিনিধি নহাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই ৷

লগতে পঢ়কঃ ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ

ABOUT THE AUTHOR

...view details