জোনাই, 5 চেপ্তেম্বৰ:অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত ভিন্ন সময়ত সীমা সম্বন্ধীয় বিবাদে অপ্ৰীতিকৰ পৰস্থিতিৰ সৃষ্টি কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷ কিন্তু তাৰ মাজতে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে উভয় ৰাজ্যৰে একাংশ সংগঠনে ৷
শেহতীয়াকৈ চিয়াং নৈৰ খহনীয়াই বিধ্বস্ত কৰা জোনাইৰ বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ কৰি ভাতৃত্ববোধৰ পৰিচয় দাঙি ধৰিছিল চুবুৰীয়া ৰাজ্য খনৰ কেইবাটাও সংগঠনে ৷ কিন্তু একে সময়তে চিয়াং নৈৰ খহনীয়াই বিস্তৰ ক্ষতিসাধন কৰিছে অৰুণাচলৰো বহু অঞ্চলত ৷ তাৰ পৰিপ্ৰেক্ষিতত বান আৰু গৰাখহনীয়াই ক্ষতি সাধন কৰা অৰুণাচলৰ মেব' অঞ্চলৰ চিগাৰ, চেৰাম, বৰঘুলি আৰু নামিচং আদিকে ধৰি কেইবাখনো গাঁৱত শনিবাৰে উপস্থিত হয় জোনাইৰ একাংশ সংগঠন ৷