অসম

assam

ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান সাহায্য বিতৰণ

মানুহে মানুহৰ বাবে কথাষাৰ সাৰোগত কৰি ওলাই আহিছে ইজনে আনজনৰ বাবে ৷ ক'ৰবাত যদি চ'ছিয়েল মিডিয়া গোটে সাহায্য বিতৰণ কৰিছে আন ক'ৰবাত আকৌ সাহায্য বিতৰণ কৰিছে ছাত্ৰ-ছাত্ৰীৰ গোটে ৷

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান সাহাৰ্য বিতৰণ

By

Published : Aug 5, 2019, 3:41 PM IST

নিউজ ডেক্স,5 আগষ্টঃৰাজ্যখনৰ ঠায়ে ঠায়ে বানৰ মহাপ্ৰলয় ৷ লাখ লাখ জনসাধাৰণৰ সৰ্বস্ব জাহ গৈছে এই মহাপ্ৰলয়ংকাৰী বানত ৷ এই সকলৰ আৰ্তনাদ শুনি বহুজন ওলাই আহিছে তেওঁলোকক সহায়ৰ বাবে ৷ বিভিন্ন দল সংগঠনৰ লগতে জনপ্ৰিয় চ'ছিয়েল মিডিয়া ফেচবুকৰ বিভিন্ন গ্ৰুপো ওলাই আহিছে বানপীড়িতক সাহায্যৰ বাবে ৷ দেওবাৰে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰ গোট " লগৰীয়া ৯৯"-ৰ উদ্যোগত যোৰহাটৰ উপকন্ঠৰ দক্ষিণ মাজুলীৰ অন্তৰ্গত বাঘমৰা,বক্সি চাপৰি,ঘিটিঙ চাপৰি আৰু ভেকেলি চাপৰিৰ প্ৰায় ১৫০ টা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰা হয় বান সাহায্য ৷ প্ৰাক্তন ছাত্ৰ গোটটিয়ে সাহায্যত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ লগতে চেনিটেৰী পেড,ব্লিচিঙ, ফেনাইল ইত্যাদিও বিতৰণ কৰে।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বান সাহাৰ্য বিতৰণ
ইফালে জোনাইত"প:পৃৰ" নামৰ ফেচবুক গোটটোৱে ৩৫০ টা বনাৰ্ত্য পৰিয়ালক প্ৰদান কৰে বান সাহায্য ৷ "প:পৃৰ" গোটৰ সংগৃহীত আৰ্থিক বৰঙণি আৰু জোনাই জামে মচজিদৰ লগতে শুভাকাংক্ষী বেবী বেগম আৰু নেইনা খাতুনৰ বৰঙণিৰে কেণ্ডেল,নেপকিন,কইল, ধূপ,কাপোৰ ধোৱা চাবোন,গা ধোৱা চাবোন,বিস্কুট,জুইশলা,চাহপাত,মিঠাতেল আদি প্ৰয়োজনীয় ঘৰুৱা সামগ্ৰী আগবঢ়োৱা হয় ৩৫০ টা পৰিয়ালক ৷

ABOUT THE AUTHOR

...view details