অসম

assam

By

Published : Aug 24, 2020, 5:24 AM IST

ETV Bharat / state

ধেমাজিত 1755 টা পৰিয়ালক বান সাহায্য প্ৰদান জমিট ফিডিং ইণ্ডিয়াৰ

"জমিট ফিডিং ইণ্ডিয়া" উদ্যোগত জীয়াঢলৰ বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ ৷ একমাত্ৰ জমিট ফিডিং ইণ্ডিয়া এনেদৰে দুদিন ধৰি জীয়াঢলৰ বানত আক্ৰান্ত হোৱা আটাইকেইখন গাঁৱৰ বানাক্ৰান্ত পৰিয়ালক সামৰি সাহায্য প্ৰদান কৰা একমাত্ৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে ৷

flood relief distribution
flood relief distribution

ধেমাজি ,২৩ আগষ্ট : ধেমাজিৰ জীয়াঢলৰ বানাক্ৰান্তৰ বাবে "জমিট ফিডিং ইণ্ডিয়া" নামৰ যোৰহাটৰ এটা সংগঠনে দুদিনীয়াকৈ বান সাহায্য বিতৰণ কৰে ৷ জানিব পৰা মতে যোৱা শনিবাৰৰ পৰা দেওবাৰলৈকে সাহায্য প্ৰদান কৰে সংগঠনটোৱে ৷ জীয়াঢলৰ বানত ক্ষতিগ্ৰস্ত হোৱা ২নং ঘেয়াৰী , দুলুংকান, ভজুগাঁও , শালমাৰী , গৰৈমাৰী , ন আলি ভজুগাঁও , আমূলগুৰি , জালভাৰী , হেচুলি , পাভমাৰী ,হাউলী গাঁও আদি ২৪ খন গাঁৱৰ সৰ্বমুঠ 1755 টা পৰিয়ালক খাদ্য সামগ্ৰীৰে পৰিপূৰ্ণ 7.5 কিলোগ্ৰাম ওজনৰ একোটা বানসাহায্য টোপোলা প্ৰদান কৰে সংগঠটোৱে ৷

বানাক্ৰান্তৰ মাজত বান সাহায্য বিতৰণ

লক্ষণীয় যে, একমাত্ৰ জমিট ফিডিং ইণ্ডিয়া এনেদৰে দুদিন ধৰি জীয়াঢলৰ বানত আক্ৰান্ত হোৱা আটাইকেইখন গাঁৱৰ বানাক্ৰান্ত পৰিয়ালক সামৰি সাহায্য প্ৰদান কৰা একমাত্ৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে ৷

লগতে পঢ়ক :উইকেণ্ড লকডাউন উলংঘা কৰি নগাঁৱত চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাছনি সভা

ABOUT THE AUTHOR

...view details