অসম

assam

ETV Bharat / state

চিলাপথাৰত সদৌ অসম বাঙালি যুৱ-ছাত্ৰ ফেডাৰেছনৰ খাদ্য সামগ্ৰী বিতৰণ - চিমেন নদীৰ বান

চিলাপথাৰৰ বান বিধ্বস্ত অঞ্চলত সদৌ অসম বাঙালি যুব-ছাত্ৰ ফেডাৰেছনৰ খাদ্য সামগ্ৰী বিতৰণ।

চিলাপথাৰৰ বান বিধ্বস্ত অঞ্চলত সদৌ অসম বাঙালি যুব-ছাত্ৰ ফেডাৰেছনৰ খাদ্য সামগ্ৰী বিতৰণ
চিলাপথাৰৰ বান বিধ্বস্ত অঞ্চলত সদৌ অসম বাঙালি যুব-ছাত্ৰ ফেডাৰেছনৰ খাদ্য সামগ্ৰী বিতৰণ

By

Published : Jul 30, 2020, 11:17 PM IST

জোনাই ৩০ জুলাইঃ ধেমাজি জিলাৰ চিমেন নদীৰ বানে তচনচ কৰিলে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শ শ পৰিয়ালৰ সপোন । নষ্ট কৰিলে খেতিপথাৰ, ঘৰ দুৱাৰ ৷

সদৌ অসম বাঙালি যুব-ছাত্ৰ ফেডাৰেছনৰ খাদ্য সামগ্ৰী বিতৰণ
বৃহস্পতিবাৰে সদৌ অসম বাঙালি যুব-ছাত্ৰ ফেডাৰেছনৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চিমেন নদীয়ে বিধস্ত কৰা চিলাপথাৰ অঞ্চলৰ আনন্দ নগৰ, সাতঘৰী গাঁৱৰ 51 টা পৰিয়ালক চাউল, দালি, মিঠাতেল, আলু, পিয়াজ, চাবোন আদি খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয় ।দুৰ্যোগৰ সময়ত কিছু সকাহ হোৱাকৈ বানাক্ৰান্তক খাদ্যসামগ্ৰী বিতৰণৰ সময়ত ফেডাৰেছনৰ জিলা সমিতিৰ উপদেষ্টা মুনীন্দ্ৰ ৰাজবংশী আৰু ধনঞ্জয় দেৱনাথ, কাৰ্যকৰী সভাপতি কানন দেৱনাথ, উপ-সভাপতি দীপক সৰকাৰ, সাধাৰণ সম্পাদক সঞ্জয় ৰয়ৰ লগতে মাজৰবাৰী, ছেঙাজান, আনন্দনগৰ, কাকোবাৰী আদি আঞ্চলিক সমিতিৰ সদস্যসকল উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details