অসম

assam

ETV Bharat / state

ৰাজ্যজুৰি বানৰ সংহাৰ: জলবন্দী জোনাইবাসী - ৰাজ্যজুৰি বানৰ সংহাৰ

ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ চিয়াং নদীয়ে জটিল ৰূপ ধাৰণ কৰিছে বানে (Flood in Dhemaji) ৷ বানাক্ৰান্ত লোকসকলক তিনি দিনৰ বাবে চাউল, দাইল আৰু নিমখ বিতৰণ কৰে (Flood relief at Junai ) ৷

ৰাজ্যজুৰি বানৰ সংহাৰ: জলবন্দী জোনাইবাসী
ৰাজ্যজুৰি বানৰ সংহাৰ: জলবন্দী জোনাইবাসী

By

Published : Jun 18, 2022, 2:01 PM IST

Updated : Jun 18, 2022, 6:28 PM IST

জোনাই, 18 জুন :ৰাজ্যজুৰি বানৰ কালৰূপ (Assam flood) ৷ ধেমাজি জিলাৰ জোনাইৰ কবু চাপৰিৰ চিয়াং নদীয়ে জটিল ৰূপ ধাৰণ কৰিছে বানে ৷ বিগত তিনি চাৰিদিন ধৰি জলমগ্ন হৈ আছে জোনাইবাসী ৷

জোনাইৰ কবু চাপৰিৰ ৩ আৰু ৪ নং ৱাৰ্ডৰ লগতে ১ নং ৱাৰ্ডৰ শিৱগুৰীৰ প্ৰায় ১৬৪ টা পৰিয়ালে যোৱা প্ৰায় ৩/৪ দিন ধৰি জলবন্দী হৈ আছে । ঘৰৰ ভিতৰত একাঠু পানী হোৱাৰ ফলত ঘৰৰ ভিতৰতে চাং সাজি কোনোমতে দিন কটাইছে বন্যাৰ্ত ৰাইজে ৷ অঞ্চলটোৰ কৃষিভূমি, বাট-পথ, পঢ়াশালি, মন্দিৰ আদি সকলো বুৰ গৈছে পানীৰ তলত ৷

ৰাজ্যজুৰি বানৰ সংহাৰ: জলবন্দী জোনাইবাসী

বানাক্ৰান্ত ৰাইজে জুই জ্বলাই এসাজ চাউল সিজাই খাব নোৱাৰাত খাদ্য সংকটে দেখা দিছে ৰাইজৰ মাজত ৷ ইফালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেও হাহাকাৰৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত ৷ কবু চাপৰিৰ চৌদিশে জলমগ্ন হৈ পৰাত পশুধনৰ মাজতো খাদ্য, বাসস্থানৰ ক্ষেত্ৰত হাহাকাৰে দেখা দিছে ৷

ইফালে জোনাই মহকুমা প্ৰশাসনৰ হৈ ৰাজহ চক্ৰ বিভাগৰ দুগৰাকী মণ্ডল, জোনাই বনাঞ্চলিক বিষয়াৰ লগতে পশু চিকিৎসা বিভাগৰ কৰ্মচাৰীয়ে জলবন্দী হৈ থকা পৰিয়ালৰ মুঠ ৮১৬ গৰাকী লোকক তিনি দিনৰ বাবে চাউল, দাইল আৰু নিমখ বিতৰণ কৰে (Flood relief at Junai ) ৷ লগতে পশু চিকিৎসকে বানৰ ফলত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা পশুধনক স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰে ৷

লগতে পঢ়ক :বানত কোঙা শোণিতপুৰ জিলা: পানীৰ তলত বিস্তীৰ্ণ অঞ্চল

Last Updated : Jun 18, 2022, 6:28 PM IST

ABOUT THE AUTHOR

...view details