জোনাই, 7 আগষ্ট :ৰাজ্যত এফালে ক'ভিড-19 ৰ ত্ৰাস আৰু আনফালে বানপানীৰ তাণ্ডৱে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ বৰ্তমান ৰাজ্যৰ 15 খন জিলা বানপানীৰ কবলত পৰিছে ৷ বানাক্ৰান্ত ৰাইজে ঘৰ-মাটি হেৰুওৱাই সৰ্বশ্ৰান্ত হোৱাৰ উপক্ৰম হৈছে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে ধেমাজি জিলাতো বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে ৷ জিলাখনৰ বিভিন্ন অঞ্চল বানাপনীৰ কবলত পৰি বানাক্ৰান্তই ওখ ভেঁটি বা মাথাউৰিত আশ্ৰয় লব লগা হৈছে ৷
শুকুৰবাৰে জোনাইৰ বন্যাৰ্ত সকলক সহায়ৰ হাত আগবঢ়াইছে অসমীয়া ছাত্ৰ-ছাত্ৰীক লৈ গঠন কৰা নৰ্ডষ্টাৰ্ণ নামৰ এটা সংস্থাই ৷ জোনাইৰ বানাক্ৰান্ত অঞ্চল কবুচাপৰিৰ 5 খন গাঁও আৰু বেৰাচাপৰিৰ 15 খন গাঁৱৰ মাজত বিতৰণ কৰে সাহাৰ্য সামগ্ৰী । নৰ্ডষ্টাৰ্ণৰ দলটোৱে বন্যাৰ্তসকলৰ মাজত চাউল, দাইল, মুৰি, আলু, নিমখ, মিঠাতেল, বিস্কুট, চাবোন, মাক্স, চেনিটেৰী নেপকিন, ফেনাইল, আঁঠুৱা, ম'ম আদি বিতৰণ কৰে ৷ শিক্ষাৰ্থীৰ দলটোৱে কবুচাপৰিৰ 152 আৰু বেৰাচাপৰিৰ 500 পৰিয়ালৰ মাজত এই সামগ্ৰীসমূহ বিতৰণ কৰে ৷