জোনাই, 26 ছেপ্টেম্বৰ :বিগত কেবাদিন ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংকৰ (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ।
শনিবাৰে নিশা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ খহিল মূল বান্ধৰ কাষৰ দেৱাল । ফলত এতিয়া এই প্ৰকল্পৰ পাৱাৰ হাউছত হৈছে প্লাৱন । 30 ফুট তলত থকা পাৱাৰ হাউছলৈ নামিছে অশনি সংকেত । ইতিমধ্যে মূলবান্ধলৈ যোৱা পথচোৱা বিচ্ছিন্ন হৈ পৰিছে ৷ আতংকিত এতিয়া বিশেষকৈ ধেমাজি, মাজুলী আৰু লখিমপুৰবাসী ৰাইজ ৷
উল্লেখ্য যে, এক প্ৰকাৰে বৰ্তমান মুখথেকেচা খাইছে 2000 মেগৱাট সম্পন্ন বৃহৎ এই বৃহৎ নদীবান্ধ প্ৰকল্পই ৷ বিভিন্ন দল-সংগঠনৰ বাধাকো নেওচি নদীবান্ধ নিৰ্মাণ কৰা NHPC এতিয়া প্ৰকৃতিৰ ৰোষত পৰিছে (Landslide at Subansiri hydroelectric project site) ৷ বিভিন্ন দল-সংগঠনৰ বিপৰীতে হয়তো এইবাৰ ৰুষ্ট প্ৰকৃতিয়ে বাধা প্ৰদান কৰিব জলবোমা নিৰ্মাণকাৰী সংস্থা NHPC ক ৷
লগতে পঢ়ক :নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আকৌ খহিছে দেৱাল