ধেমাজি,28 অক্টোবৰঃ ধেমাজীতজীয়াঢ়লৰ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ সহযোগত অসম একতা পৰিষদে বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ৷ বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক পৰ্যাপ্ত সাহাৰ্য পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বানাক্ৰান্ত ৰাইজে হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে।
ধেমাজিত বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ প্ৰতিবাদ
বানত সৰ্বস্বান্ত পৰিয়ালক উচিত ক্ষতিপুৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত ধেমাজিৰ দিহিৰি কূকুৰীত অসম একতা পৰিষদৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল ।
উল্লেখযোগ্য যে, ধাৰাবাহিক জীয়াঢলৰ বানত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খেতি পথাৰ,ঘৰ বাৰী সকলো বানত জাহ গৈছিল । অঞ্চলটোৰ ২৮ টা পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল বানত। অঞ্চলটোৰ ৰক্ষা কৱচ হিচাপে থকা মথাউৰিৰ এটা অংশ ছিঙি নিয়াৰ ফলতে সমগ্ৰ বাৰিষা কালটো তাণ্ডৱ চলাইছিল জীয়াঢলে ।
প্ৰতিবাদকাৰী সকলে ধেমাজি জিলা উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি অতি শীঘ্ৰে পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনৰ ব্যবস্থা কৰিবলৈ দাবী জনায়।
লগতে পঢ়কঃ উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ম্যানমাৰ সেনাৰ অপাৰেশ্বন ছানৰাইজ-3