অসম

assam

By

Published : Jul 20, 2020, 3:31 PM IST

ETV Bharat / state

জোনাইত বানাক্ৰান্ত ৰাইজক স্থানীয় যুৱকৰ এসাঁজ

জোনাইত আশ্ৰয় শিবিৰৰ থকা বানাক্ৰান্ত ৰাইজক সহায় একাংশ যুৱকৰ ৷ জোনাই ২০ জুলাইচিয়াং লালীৰ প্ৰলয়ংকৰী বানত বিধ্বস্ত জোনাই মহকুমাত শতাধিকৰো অধিক গাঁও ৷

Flood effected people help by young group at Jonai
জোনাইত বানাক্ৰান্ত ৰাইজক স্থানীয় যুৱকৰ এসাঁজ

জোনাই, 20 জুলাই:জোনাই বেৰাচাপৰি অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁৱৰ সহ্ৰাধিক লোক এতিয়া মথাউৰি তথা মহকুমা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰত ৷ ইয়াৰে মহকুমা প্ৰশাসনে স্থাপন কৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়,মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আৰু ফ্ৰাস্নচিলিয়ান ইংৰাজী বিদ্যালয়ত প্ৰায় 250 জন লোক প্ৰায় 10 দিন ধৰি আশ্ৰয় গ্ৰহণ কৰি আছে ৷

জোনাইত বানাক্ৰান্ত ৰাইজক স্থানীয় যুৱকৰ এসাঁজ

এই আশ্ৰয় শিবিৰ সমূহত থকা বন্যাৰ্তক সোমবাৰে মাংসৰে এসাঁজ খুৱাই জোনাইৰ কেইজনমান উদীয়মান যুৱকে ৷ জোনাইৰ হোমেন পেগু,দিপাংকৰ কাশ্যপ, গুণকান্ত পেগু,ভাস্কৰ টায়ে আৰু গৌতম পেগু নামৰ উদীয়মান যুৱক কেইজনে নিজ হাতে ৰান্ধি মাংসৰে এসাঁজ খুৱাই বানাক্ৰান্ত লোকক ৷ যুৱক কেইজন এই প্ৰচেষ্টাক শলাগ লৈছে বানাক্ৰান্ত লোক সকলৰ লগতে জোনাই ৰাইজে ৷ আশ্ৰয় শিবিৰত আশ্ৰয় লোৱা ৰাইজে যোৱা 10 দিনে মাথো দাইল আৰু ভাত খাই থকাত মাংসৰে এসাঁজ খাবলৈ পোৱাত আনন্দিত হৈ পৰে ৷

লগতে চাওক-আগন্তুক তিনিদিনলৈ বন্ধ নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ আন্তঃ-বহিঃ বিভাগৰ চিকিৎসা

ABOUT THE AUTHOR

...view details