অসম

assam

ETV Bharat / state

ধেমাজিত জীয়াঢলৰ বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল - জীয়াঢল

জীয়াঢলৰ বাঢ়নী পানীয়ে মঙলবাৰে পুৱাৰে পৰা ন আলি ভজুগাঁও,হেচুলি,আমুলগুৰি,চেচাসহ দহ খনৰো অধিক গাঁও বুৰাই পেলোৱাৰ লগতে প্লাৱিত কৰিছে বহু হেক্টৰ কৃষি ভূমি ৷

ধেমাজিত জীয়াঢলৰ বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল

By

Published : Jul 9, 2019, 2:54 PM IST

ধেমাজি,৯ জুলাই:বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে ধেমাজি জিলাৰ জীয়াঢল,ন-নদী,গাই নদীৰ জলস্তৰ । জীয়াঢলৰ বাঢ়নী পানীয়ে মঙলবাৰে পুৱাৰে পৰা ন আলি ভজুগাঁও,হেচুলি,আমুলগুৰি,চেচাসহ দহ খনৰো অধিক গাঁও বুৰাই পেলোৱাৰ লগতে প্লাৱিত কৰিছে বহু হেক্টৰ কৃষি ভূমি ৷

ধেমাজিত জীয়াঢলৰ বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল
একেদৰে ন-নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে গোগামুখ ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল। আনফালে জিলাখনৰ জোনাই মহকুমাত চিয়াং নদীৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি কবু চাপৰি,বেৰাচাপৰি,সোণোৱাল কাঠনি আদি বহুকেইখন গাঁৱৰ ঘৰ পানীত বুৰাই পেলাইছে ৷ সেয়ে বানাক্ৰান্ত লোকসকলে নিৰাপদ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

...view details