ধেমাজি,19 জুলাই : বাৰিষা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বহু কেইখন জিলাত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ বাৰিষাৰ বানে বুৰাই পেলাইছে লখিমপুৰ, ধেমাজি, গোলাঘাটকে ধৰি কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ বাৰিষাৰ বানত ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বুৰ গৈ থকাৰ মাজতে ধেমাজিৰ বৰদলনিত ন-নদীৰ বাঢ়নী পানীৰ কবলত পৰিছে বিস্তীৰ্ণ অঞ্চল ৷ ন-নদীৰ বাঢ়নী পানীৰ কবলত পৰি অনিষ্ট হৈছে বহু পৰিয়ালৰ ঘৰ-ভেটি তথা সা-সম্পত্তি ৷
উল্লেখ্যনীয় যে, প্ৰতিবছৰে বাৰিষাৰ সময়ত ধেমাজি জিলাৰ জীয়াঢল, গাই আৰু ন-নদীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি বিস্তৰ ক্ষতিসাধন কৰি আহিছে ৷ কিন্তু এইবাৰ বৰষুণৰ পৰিমান পূৰ্বৰ তুলনাত কিছু কম হোৱাৰ বাবে জুলাই মাহৰ এটা পষেক অতিক্ৰম কৰাৰ পিছতেই বানৰ প্ৰকোপ কমিছে ৷ কিন্তু ইয়াৰ মাজতো ধেমাজিৰ জিলাৰ বৰদলনি উন্নয়খণ্ডৰ অধীনৰ আৰু গোগামুখ ৰাজহ চক্ৰৰ অধীনৰ অতি পিছপৰা খনাকৃষ্ণপুৰ গাঁৱত আহাৰ, শাওণ মহীয়াৰ ন-নদীৰ বানৰ তাণ্ডৱ অব্যাহত আছে ৷ অঞ্চলটোৰ বহু কৃষকৰ খেতি পথাৰ ইতিমধ্যেই বাঢ়নী পানীয়ে নষ্ট কৰাৰ লগতে গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ-ভেটি আৰু ৰাস্তা পদূলি বানে তচনচ কৰিছে ৷