অসম

assam

ETV Bharat / state

বানৰ বাবেই পথৰ ওপৰত মৰণা মাৰিছে কৃষকে, নষ্ট হৈছে বহু শস্য

জীয়াঢলৰ কোৱাল বানৰ কৱলত পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল । পানীৰে একাকাৰ হৈছে ঘৰ-পথাৰ । এনে অৱস্থাত কৃষকসকলৰ অৱস্থাও দিনে দিনে অৱনতি হোৱাৰ লগতে নষ্ট হৈছে বহুসংখ্যক ধান ৷

বানৰ বাবেই পথৰ ওপৰত মৰণা মাৰিছে কৃষকে, নষ্ট হৈছে বহু শস্য
বানৰ বাবেই পথৰ ওপৰত মৰণা মাৰিছে কৃষকে, নষ্ট হৈছে বহু শস্য

By

Published : Jun 18, 2020, 12:30 AM IST

ধেমাজি, 17 জুন :জীয়াঢলৰ বানৰ কৱলত পৰি পানীৰে একাকাৰ হৈ পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল । বানত ত্ৰাহি মধুসূদন সোঁৱৰিব লগীয়া হৈছে অঞ্চলটোৰ কৃষকসকলে । বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ঘৰ-পথাৰ । কাৰোবাৰ যদি সপোনৰ সেউজীয়া পথাৰ বালিয়ে পুতিছে আন কাৰোবাৰ আগতী‌য়া খেতি নষ্ট কৰিছে ।

জীয়াঢল নদী

ফলত জীয়াই থকাৰ তাড়নাত ধেমাজিৰ একাংশ বানাক্ৰান্তই পথাৰৰ পৰা কেঁচা অৱস্থাতেই ধান দাই আনি পথৰ ওপৰতে ভৰিৰে মাৰিছে । একাংশ স্থানীয় বন্যাৰ্তৰ মতে পানী শুকালেহে খবৰ লয় চৰকাৰী মানুহে ।

খেতিপথাৰৰ অৱস্থা

উল্লেখ্য যে এজাক বৰষুণ দিলেই জীয়াঢলৰ বানৰ সৈতে সহাৱস্থান কৰিবলগীয়া হয় ধেমাজিৰ নআলি ভজোগাওঁ, শালমাৰী, চেচাসহ, দুলুংকান, হেচুলি, ঘেয়াৰী, পাভমাৰী, শিঙিমাৰী আদি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে ।

পথৰ ওপৰতেই চলিছে মৰণাৰ কাম

এনে অৱস্থাত এতিয়া কৃষকসকল উপায়বিহীন হৈ পৰিছে ৷ চৰকাৰে সময়মতে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এইদৰে দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাজ্যৰ কৃষকসকলে ৷

লগতে পঢ়কঃলেহৰ সোনম নাৰবু স্মাৰক হাস্পতালত শ্বহীদ সৈনিকক শ্ৰদ্ধা নিবেদন

For All Latest Updates

ABOUT THE AUTHOR

...view details