অসম

assam

By

Published : Aug 14, 2019, 6:22 PM IST

ETV Bharat / state

অনিশ্চিয়তাৰ মাজত জোনাইৰ খহনীয়াগ্ৰস্ত পৰিয়াল

জোনাইত চিয়াং লালী নদীৰ খহনীয়াত গৃহহাৰা ১৯ টা পৰিয়াল অনিশ্চয়তাৰ মাজত দিন কটাইছে আশ্ৰয় শিৱিৰত ৷ শিৱিৰটোত থকা অৰ্ধশতাধিক লোক আক্ৰান্ত বিভিন্ন ৰোগত ৷

অনিশ্চিয়তাৰ মাজত আশ্ৰয় শিবিৰত জোনাইত খহনীয়াত গৃহহাৰা পৰিয়াল

জোনাই, 14 আগষ্ট : জোনাইত চিয়াং লালী নদীৰ ভয়ংকৰ খহনীয়াত জাহ গৈছে বেৰাচাপৰিৰ কুৰিৰো অধিক পৰিয়ালৰ বাসগৃহ ৷ গৃহহাৰা 19 টা পৰিয়ালে বৰ্তমান আশ্ৰয় লৈছে জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা বেৰাচাপৰি প্ৰাথমিক বিদ্যালয়ত ৷ প্ৰশাসনে স্থাপন কৰা অস্থায়ী শিবিৰত অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিছে বানাক্ৰান্তই ৷ খাদ্য খোৱাপানী আদি বিভিন্ন সমস্যাৰ মাজেৰে তিনিটাকৈ দিন বিদ্যালয় গৃহতে কটাইছে কণ কণ শিশু বৃদ্ধাসহ পৰিয়ালকেইটাই ৷

অনিশ্চিয়তাৰ মাজত আশ্ৰয় শিবিৰত জোনাইত খহনীয়াত গৃহহাৰা পৰিয়াল

খহনীয়াত জাহ যোৱা ১৯ টা গৃহহাৰা পৰিয়ালে পুনৰ সংস্থাপনৰ বাবে নাথাকিল এডোখৰ ভূমিও ৷ এনে পৰিস্থিতিত বিদ্যালয়ৰ আশ্ৰয় শিবিৰত কিমান দিন আশ্ৰয় ল'ব ইয়াক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালকেইটাৰ মাজত ৷ আনহাতে আশ্ৰয় শিৱিৰত থকা প্ৰায় অৰ্ধশতাধিক লোকৰ মাজত দেখা দিছে নানান বেমাৰে ৷ শিশুৰ পৰা বৃদ্ধলৈ সংক্ৰমণ হৈছে জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আদি বিভিন্ন বেমাৰ ৷ মংগলবাৰে এটা চিকিৎসকৰ দলে শিবিৰটোত থকা লোকসকলৰক স্বাস্থ্য পৰীক্ষা কৰি বিতৰণ কৰে ঔষধ ৷

ABOUT THE AUTHOR

...view details