অসম

assam

By

Published : Jul 29, 2020, 5:52 PM IST

ETV Bharat / state

ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

বুধবাৰে ধেমাজি জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কিন্তু বৰষুণে বিধি-পথালি দিয়াৰ বাবে কেৱলমাত্ৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ পৰাই কিছু সময় বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি উভতিব লগা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বন্যাৰ্তৰ লগত মত-বিনিময় নকৰাকৈ ধেমাজিৰ পৰা ঢকুৱাখনা অভিমুখে যাত্ৰা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

FLOOD AFFECTED AREA VISIT ASSAM CHIEF MINISTER IN DHEMAJI
ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ধেমাজি, 29 জুলাই :ৰাজ্যত অব্যাহত আছে কৰ'ণা ভাইৰাছ আৰু বানৰ তাণ্ডৱ ৷ বানপানীয়ে বুৰাই পেলাইছে ৰাজ্যৰ উজনি-নামনিৰ বিস্তৰ অঞ্চল ৷ বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে চৰকাৰী বিভাগ তথা প্ৰশাসনৰ লোক সকলো সময়তে সষ্টম হৈ আছে ৷ ইতিমধ্যে,ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীয়ে ৰাজ্যৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ দুখ যন্ত্ৰণাৰ খবৰ লোৱা পৰিলক্ষিত হৈছে ৷

ধেমাজিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

বুধবাৰে ধেমাজি জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কিন্তু বৰষুণে বিধি-পথালি দিয়াৰ বাবে কেৱল মাত্ৰ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰ পৰাই কিছু সময় বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি উভতিব লগা হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

উল্লেখ্য যে,ধেমাজি জীয়াঢলৰ বানৰ কবলত পৰা ভজু গাঁৱৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ আহি প্ৰৱল বৰষুণৰ সন্মুখীন হ'বলগীয়া হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ৷ কিন্তু বৰষুণৰ বাবে বন্যাৰ্তৰ লগত মত-বিনিময় নকৰাকৈ ধেমাজিৰ পৰা ঢকুৱাখনা অভিমুখে যাত্ৰা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

উল্লেখযোগ্য যে, অসম দুৰ্যোগ প্ৰশমন বিভাগে প্ৰদান কৰা শেহতীয়া 24 ঘণ্টাৰ তথ্য অনুসৰি,সংহাৰী বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি পাইছে ৷ আনহাতে,বৰ্তমান ৰাজ্যখনত বানাক্ৰান্তৰ সংখ্যা হৈছে 17,79,854 গৰাকী ৷ মুঠ 22 খন জিলা বৰ্তমানেও বানত আক্ৰান্ত হৈ আছে ৷ আক্ৰান্ত জিলাসমূহ হৈছে- ধেমাজি,বিশ্বনাথ,দৰং,বাক্সা,নলবাৰী,বৰপেটা,চিৰাং,বঙাইগাঁও,কোকৰাঝাৰ,ধুবুৰী,দক্ষিণ শালমৰা,গোৱালপাৰা,কামৰূপ,কামৰূপ মেট্ৰ', মৰিগাঁও,নগাঁও,গোলাঘাট,যোৰহাট,মাজুলী,শিৱসাগৰ,ডিব্ৰুগড় আৰু লখিমপুৰ ৷ এই পৰ্যন্ত দৰং আৰু গোৱালপাৰা হৈছে সৰ্বাধিক বানাক্ৰান্ত জিলা ৷

সম্প্ৰতি বানৰ ফলত 61 টা ৰাজহ চক্ৰৰ প্ৰায় 1,831 খন গাঁও প্লাৱিত হোৱাৰ বিপৰীতে 1,03,609,71 হেক্টৰ কৃষিভূমি বানৰ কবলত ৷ বৰ্তমান ৰাজ্যৰ 225 টা আশ্ৰয় শিবিৰত 41,928 গৰাকী লোকে আশ্ৰয় গ্ৰহণ কৰিছে ৷

যোৰহাট,তেজপুৰ,গোৱালপাৰা আৰু ধুবুৰীত বৰ্তমানো ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ ইয়াৰোপৰি,বিভিন্ন উপনৈসমূহৰ তীব্ৰ গৰাখহনীয়া হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বানাতংক অসম : মৃতকৰ সংখ্যা 104 গৰাকীলৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details