জোনাই , 26 মে':দেওবাৰে নিশা অহা এজাক বৰষুণৰ ফলত জোনাইৰ কেইবাটাও অঞ্চল বাঢ়নী পানীত ডুব যায় ৷ বছৰটোৰ প্ৰথমটো বানত কেইবাখনো গাঁও প্লাবিত হয় ৷
এজাক বৰষুণতে প্লাবিত জোনাইৰ বহু গাঁও - বাঢ়নি পানী
বানত অঞ্চলটোৰ বাৰচুক, কৰ্দংচুক, চিৰামপুৰীয়া, বিজয়পুৰ দেউৰী, আদি কৰি কেইবাখনো গাঁও বাঢ়নী পানীত বুৰ যায় ৷ যাৰ ফলত আজি পুৱাৰে পৰা অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ জলবন্দী হৈ জোনাই সদৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে ৷
![এজাক বৰষুণতে প্লাবিত জোনাইৰ বহু গাঁও](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3387713-thumbnail-3x2-vncmvc1.jpg)
এজাক বৰষুণতে ডুবিল জোনাইৰ কেবাখনো গাঁও
এজাক বৰষুণতে ডুবিল জোনাইৰ কেবাখনো গাঁও
ইপিনে অৰুণাচলৰ পহাৰৰ পৰা বৈ অহা খৰস্ৰোতা ৰায়াং নদীৰ বাঢ়নী পানীয়ে আজি পুৱা চিৰাম পুৰীয়া, বাৰঘৰীয়াত দুটা পথ চিঙি পেলায় ৷ ইয়াৰোপৰি বানত অঞ্চলটোৰ বাৰচুক, কৰ্দংচুক, চিৰামপুৰীয়া, বিজয়পুৰ দেউৰী, আদি কৰি কেইবাখনো গাঁও বাঢ়নী পানীত বুৰ যায় ৷ যাৰ ফলত আজি পুৱাৰে পৰা অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ জলবন্দী হৈ জোনাই সদৰৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ আছে ৷