জোনাই,11 ডিচেম্বৰ: জোনাইৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ আয়ানত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন ব্যক্তিগত বিদ্যালয়ৰ দুটাকৈ আৱাসগৃহ ৷ উল্লেখ্য যে অয়ানত থকা "মামণি মেমৰিয়েল ইংলিছ স্কুল" নামৰ এখন ব্যক্তিগত বিদ্যালয়ৰ চৌহদত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী থকা দুটাকৈ আবাসগৃহত নিশা দাও দাও কৈ জ্বলি উঠে জুই ৷ উক্ত আৱাস দুটাত আছিল প্ৰায় 40 গৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰী ৷ এগৰাকী শিক্ষকয়িত্ৰীয়ে কোনোমতে উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰে ছাত্ৰ-ছাত্ৰী সকলৰ ৷
অৰুণাচল প্ৰদেশৰ পূৱ চিয়াঙত ভয়ংকৰ অগ্নিকাণ্ড - Fire at north siang
অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ আয়ানত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন ব্যক্তিগত বিদ্যালয়ৰ দুটাকৈ আৱাসগৃহৰ সকলো সা-সম্পত্তি ৷

উল্লেখ্য যে ছাত্ৰ-ছাত্ৰী সকলৰ আৱাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ঠিক একে সময়েত সেই হোষ্টেলখনৰ কিছু দূৰত থকা শিক্ষকসকলৰ আবাসগৃহতো জ্বলি উঠে জুই ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ পূৰ্বেই সম্পূৰ্ণ ৰূপে জাহ যায় ছাত্ৰ ছাত্ৰী সকলৰ কাপোৰ কানি,কিতাপ পত্ৰ আদিৰ লগতে আৱাসত থকা শিক্ষক শিক্ষয়িত্ৰী সকলৰ সকলো সা-সামগ্ৰী আৰু বিদ্যালয়ৰ সকলো সামগ্ৰী ৷ দুই পৃথক ঠাইত একে সময়তে সংঘটিত হোৱা এনে অস্বাভাৱিক অগ্নিকাণ্ডলৈ লক্ষ্য কৰি এইয়া কোনো দুষ্ট চক্ৰই পৰিকল্পিত ভাৱে সংঘটিত কৰা ঘটনা বুলি অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ ৷
লগতে চাওকঃতিনিচুকীয়াত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডঃপথ অৱৰোধ প্ৰতিবাদকাৰীৰ
TAGGED:
Fire at north siang