ধেমাজি, 27 অক্টোবৰ :ধেমাজিত জালিয়াতিৰে ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰৱঞ্চনা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ মতে, আনৰ GST একাউণ্ট ব্যৱহাৰ কৰি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছে ধেমাজিৰ GST সম্পৰ্কীয় কাম কাজ কৰা শিৱাংকু পাল লোকজনে ৷ জিলাখনৰ ভুক্তভোগী কেইবাগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে বুধবাৰে ধেমাজি প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে ৷
ধেমাজিত ক্ষুদ্ৰ ব্যৱসায়ীৰ সংবাদমেল ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীসকলে সংবাদমেলত সদৰি কৰা অনুসৰি, ২০১৭ চনৰ পৰা আৰম্ভ হোৱা GST সম্পৰ্কীয় কাম চোৱাচিতাৰ দায়িত্ব দিয়া হৈছিল শিৱাংকু পাল এগৰাকী ব্যক্তিক ৷ সেই অনুসৰি ব্যৱসায়ীসকলৰ GST একাউণ্ট খুলি দিছিল শিবাংকু পালে ৷ তেওঁ ব্যৱসায়ীসকলৰ GST সম্পৰ্কীয় আই ডি আৰু গোপন নম্বৰ নিজৰ লগত ৰাখি পৰৱৰ্তী সময়ত গোপনে ব্যৱসায়ীসকলৰ GST পঞ্জীয়ন নম্বৰৰ পৰা কিনা বেচা সম্পৰ্কীয় বিল আদি অন্য ব্যৱসায়ী আৰু প্ৰতিষ্ঠানক বিক্ৰী কৰি আহিছিল ৷
ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীসকলে সদৰি কৰা অনুসৰি, তেওঁলোকৰ অজ্ঞাতেই চতুৰ শিৱাংকু পালে এইবোৰ অৰুণাচলৰ কোনো ব্যৱসায়ী আৰু প্ৰতিষ্ঠানক কৌশলেৰে বিক্ৰী কৰি আহিছিল ৷ ফলত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বৃহৎ পৰিমাণৰ কৰ DEMAND GST কাৰ্যালয়লৈ অহাত হতভম্ব হৈ পৰে ৷ কাৰণ ক্ষুদ্ৰ ব্যৱসায়ীসকলে বেচা কিনাতকৈ অত্যাধিক বিল পৰিশোধ কৰি থকা হৈছিল ৷ যাৰবাবে তেওঁলোকৰ GST একাউণ্ট বন্ধ হৈ পৰিছিল ৷ সেয়ে ক্ষুদ্ৰ ব্যবসায়ীসকলে বেচা কিনা কৰাত অভাৱনীয় সমস্যা সন্মুখীন হোৱা বিষয়ে সদৰি কৰে ৷
ধেমাজিৰ ভুক্তভোগী কেইগৰাকীমান ব্যৱসায়ী হৈছে BD Enterprise ৰ স্বতাধিকাৰী ভূৰাম দত্ত, Kalyan enterprise ৰ মনোজ দাস, M/S JN Industry ৰ মুহিন ফুকন, ফণীধৰ বৰশইকীয়া, M/S TK enterprise ৰ পেশৱ টায়ে, S.G Hardwareৰ ৰঞ্জন গগৈ, Hazarika Enterpriseৰ ভক্ত হাজৰিকা, Ganghi enterprise ৰ ৰাজেশ গান্ঘী , চন্দ্ৰমণি হাজৰিকা । তেওঁলোকৰ উপৰিও ধেমাজি ৫০জনৰো অধিক লোকক এনেদৰে জালত পেলোৱা বুলি অভিযোগ তুলিছে ভুক্তভোগী ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৷ ইপিনে ঘটনাৰ মূল অভিযুক্ত শিৱাংকু পাল বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা হৈছে ৷ শিৱাংকু পালৰ বিৰুদ্ধে এই সন্দৰ্ভত ধেমাজি, গোগামুখ আদি বিভিন্ন আৰক্ষী থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে ভুক্তভোগী ব্যৱসায়ীসকলে ৷
লগতে পঢ়ক :নতুন মোৰ লৈছে বেলতলা হত্যাকাণ্ডই : কেয়াৰটেকাৰক গ্ৰেপ্তাৰ