অসম

assam

ETV Bharat / state

মাস্ক পৰিধান নকৰা লোকৰ পৰা জোনাই প্ৰশাসনৰ জৰিমনা সংগ্ৰহ

শনিবাৰৰ অভিযানৰ সময়ত জোনাই মহকুমাধিপতিৰ সৈতে জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু, দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা উপস্থিত থাকে ৷

fine collected from people who doesn't wear mask
মাস্ক পৰিধান নকৰা লোকৰ পৰা জোনাই প্ৰশাসনৰ ৭ হাজাৰ টকা জৰিমনা সংগ্ৰহ

By

Published : Oct 10, 2020, 10:11 PM IST

জোনাই, ১০ অক্টোবৰ : কৰ'ণা আতংকৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জোনাই মহকুমাত যোৱা চেপ্তেম্বৰৰ প্ৰথম সপ্তাহতে কৰ‘ণা প্ৰতিৰোধ আৰু মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু জোনাই জনসংযোগ বিভাগৰ সহযোগত কৰ‘ণা মহামাৰী সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল ৷ জোনাই মহকুমা প্ৰশাসনে জোনাই বজাৰকে ধৰি জোনাইৰ বিভিন্ন ঠাইত মাস্ক বিতৰণ কৰি কৰ‘ণা ভাইৰাছৰ সম্পৰ্কে সজাগতা সভা আয়োজন কৰে ৷ এই সজাগতা সভাত জোনাই প্ৰশাসনে জনসাধাৰণক কৰ'ণা ভাইৰাছ প্ৰতিৰোধ সম্পৰ্কে আৰু মাস্ক পৰিধান কৰিহে ঘৰৰ বাহিৰলৈ ওলাবলৈ অনুৰোধ জনোৱা হৈছিল ৷ যদিহে জনসাধাৰণে মাস্ক পৰিধান নকৰাকে বাহিৰলৈ ওলায় তেন্তে জোনাই প্ৰশাসনে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এহেজাৰ টকা জৰিমনা বিহিবলৈ বাধ্য হব বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰা হৈছিল ।

তৎস্বত্তেও জোনাই জনসাধাৰণ সজাগ হোৱা পৰিলক্ষিত নহ'ল ৷ শনিবাৰে জোনাই মহকুমাধিপতি জিমলি শইকীয়াৰ নেতৃত্বত জোনাই বজাৰত মাস্ক পৰিধান নকৰা লোকৰ পৰা জৰিমনা আৰু জোনাই বজাৰৰ দোকান সমূহত ওলমাই ৰখা বয়-বস্তুবোৰ শৃংখলাবদ্ধতা মানি ৰখাৰ স্বাৰ্থত নিৰ্দিষ্ট সীমাবদ্ধ ঠাইতহে ৰাখিবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে ৷ শনিবাৰৰ অভিযানৰ সময়ত জোনাই মহকুমাধিপতিৰ সৈতে জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগু, দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱা উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, শনিবাৰে জোনাই মহকুমা প্ৰশাসনে জোনাই বজাৰত মাস্ক পৰিধান নকৰা লোকৰপৰা ৭ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত 4 সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details