অসম

assam

ETV Bharat / state

জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিট - জোনাই সদৰ

জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত তিনি অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷

Fighting Case At Jonai
জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিট

By

Published : Jun 13, 2020, 9:48 PM IST

জোনাই, ১৩ জুনঃ জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ এজন গ্ৰাহকৰ সৈতে ৰন্ধন গেছৰ ৰেগুলেটৰ মেৰামতিক লৈ সুত্ৰপাত হয় মাৰপিটৰ ঘটনাটো ৷

জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিট

শনিবাৰে দিনৰ ১১ বজাত জোনাইত ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত প্ৰচণ্ড মাৰপিট ৷ জোনাই সদৰৰ আনচাৰি বুট হাউছৰ স্বত্বাধিকাৰী আৰু জোনাইৰ লেকু জেলম গাৱঁৰ এজন গ্ৰাহকৰ সৈতে ৰন্ধন গেছৰ ৰেগুলেটৰ মেৰামতিৰ বাবদ গ্ৰাহকজনক 100 টকা খোজে ৷ কিন্তু গ্ৰাহকজনে 20 টকা কম কৈ ল'বলৈ কোৱাৰ উপৰিও পুৰণা ৰেগুলেটৰটো ঘুৰাই দিবলৈ কোৱাত পেলাই দিয়া বুলি কয় বুট হাউছৰ স্বত্বাধিকাৰী জনে ৷ তাক লৈ প্ৰথমে দুয়োজনৰ মাজত তৰ্ক-বিতৰ্ক লিপ্ত হয় ৷ তাৰ পিছতেই আনচাৰি বুট হাউছৰ স্বত্তাধিকাৰীৰ পুত্ৰ তিনিজনে গ্ৰাহকজনক উপৰ্যুপৰি প্ৰহাৰ কৰে ৷

আনহাতে,জোনাইৰ প্ৰত্যক্ষদৰ্শী যুৱ কংগ্ৰেছৰ সদস্য এজনে গ্ৰাহকজনক প্ৰহাৰ কৰি থকা প্ৰত্যক্ষ কৰি কাজিয়াখন বন্ধ কৰিবলৈ যায় ৷ বুট হাউছৰ স্বত্বাধিকাৰীৰ তিনি পুত্ৰই বাধা প্ৰদান কৰাৰ সময়তে গ্ৰাহক জনক প্ৰহাৰ কৰাৰ উপৰিও যুৱ কংগ্ৰেছৰ কৰ্মীজনকো প্ৰহাৰ কৰা বুলি গুৰুতৰ অভিযোগ তোলে ৷ উক্ত অভিযোগৰ ভিত্তিত জোনাই থানাত দুই পক্ষই পৰষ্পৰে -পৰষ্পৰৰ বিৰুদ্ধে এজাহাৰৰ দাখিল কৰে ৷ ইপিনে উক্ত ঘটনাৰ এজাহাৰৰ ভিত্তিত জোনাই আৰক্ষীয়ে আনচাৰি বুট হাউছৰ স্বত্তাধিকাৰীৰ তিনি অভিযুক্তক আটক কৰিছে বুলি জানিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক- অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

ABOUT THE AUTHOR

...view details