অসম

assam

ETV Bharat / state

Panchami Sonwal shines in Khelo India: খেলো ইণ্ডিয়াত স্বৰ্ণ বিজয়ী পঞ্চমী সোণোৱালক অভিনন্দন

খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ হৈ সোণৰ পদক অৰ্জন কৰা পঞ্চমী সোণোৱালক জীয়াঢল চাৰিআলি হাইস্কুলত সম্বৰ্ধনা জ্ঞাপন (Gold Medal in Khelo India Youth Games)। নিজে পঢ়া বিদ্য়ালয়খনত সম্বৰ্ধনা গ্ৰহণ কৰি আহ্লাদিত ধেমাজিৰ আমুলগুৰিৰ পঞ্চমী ।

Panchami Sonowal felicitated at Jiyadhal Chariali High School
পঞ্চমী সোণোৱালক সম্বৰ্ধনা ধেমাজিত

By

Published : Feb 27, 2023, 12:40 PM IST

পঞ্চমী সোণোৱালক সম্বৰ্ধনা ধেমাজিত

ধেমাজি, ২৭ ফেব্ৰুৱাৰী:মধ্যপ্ৰদেশৰ ভূপালৰ ইন্দোৰত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত অসমৰ হৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা আমুলগুৰিৰ পঞ্চমী সোণোৱালক জীয়াঢল চাৰিআলি হাইস্কুলত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় (Panchami Sonowal felicitated at Jiyadhal Chariali High School) ৷ ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত এখন সভাত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বুদ্ধেশ্বৰ সন্দিকৈয়ে অংশগ্ৰহণ কৰে ৷ এই সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান বীৰেণ বৰুৱাই ৷ অনুষ্ঠানটোৰ আঁত ধৰে বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক মৃদুপৱন বড়াই (Khelo India Youth Games in Indore) ৷

এই সভাতেই আমুলগুৰি গাঁৱৰ তথা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী পঞ্চমী সোণোৱালক তেওঁ অৰ্জন কৰা সাফল্যৰ বাবে বিদ্যালয়ৰ ফুলাম গামোছা, শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰা হয় ৷ সভাখনত বিদ্যালয়ৰ সহকাৰী শিক্ষক হোমেন নায়ক, অনন্ত বড়া, বিনাপানী গগৈ, উৎপল কোঁৱৰ, বিনা নন্দী, ভূৱন শইকীয়া, গোপীনাথ দলে আদিয়ে শুভেচ্ছামূলক ভাষণ আগবঢ়ায় ৷ তদুপৰি সভাত আমন্ত্ৰিত অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক বীৰেণ কোঁৱৰে খেলুৱৈগৰাকীৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ তেওঁ কয় যে পঞ্চমী সোণোৱালে বিদ্যালয়খনৰ নাম উজ্বলোৱাৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ সেইবাবে শিক্ষাৰ সমান্তৰালভাৱে ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈ খেলজগতত সুপ্ৰতিষ্ঠা লাভ কৰিবলৈ তেওঁ আহ্বান জনায় ৷

ইপিনে, প্ৰধান শিক্ষক বীৰেণ বৰুৱাই ছাত্ৰীগৰাকীক এনে সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰি পিছপৰা অঞ্চলটোৰ লগতে তেওঁলোকৰ বিদ্যালয়খনৰ নাম উজলোৱাত অতিকৈ গৰ্ববোধ কৰা বুলি উল্লেখ কৰি আগন্তুক দিনত ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ লগতে ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে ৷ সেইদৰে সহ শিক্ষয়িত্ৰী বীনা নন্দীয়ে ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি গ'লে স্বাস্থ্যৰ যতন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কয় ৷ এইক্ষেত্ৰত এগৰাকী স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ তেওঁ আহ্বান জনায় ৷

ইপিনে, খেলুৱৈগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক পঢ়াৰ লগতে শাৰীৰিক অনুশীলন কৰি নিজে ভাল পোৱা খেল খেলি আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ পঞ্চমী সোণোৱালে কমনৱেলথ গেমছত খেলাৰ বাবে এতিয়াৰে পৰা প্ৰস্ততি চলাব বুলি উল্লেখ কৰে (Preparation for Commonwealth Games) ৷ উল্লেখ্য যে মধ্যপ্ৰদেশৰ ভূপালৰ ইন্দোৰত যোৱা 6 ফ্ৰেবুৱাৰীৰ পৰা 12 ফ্ৰেব্ৰুৱাৰীলৈ অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছত পঞ্চমী সোণোৱালে স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । তেওঁ ভাৰত্তোলন প্ৰতিযোগিতাত 49 কেজিৰ শাখাত অসমৰ হৈ সোণৰ পদক অৰ্জন কৰিছিল । তেওঁ ধেমাজিৰ আমুলগুৰি গাঁৱৰ লোহিত সোণোৱাল আৰু বুদ্ধেশ্বৰী সোণোৱালৰ কন্য়া ৷

লগতে পঢ়ক:Inauguration of anti-erosion project: অইলৰ পুঁজিৰে গৰাখহনীয়া ৰোধ প্ৰকল্পৰ আধাৰশিলা স্থাপন ৰামেশ্বৰ তেলীৰ

ABOUT THE AUTHOR

...view details