অসম

assam

বিজেপিৰ নৱনিযুক্ত মুখপাত্ৰ অশ্বিনী পাইতক সম্বৰ্ধনা জ্ঞাপন

By

Published : Sep 2, 2020, 2:25 PM IST

জোনাইত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এক দলীয় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাতে দলটোৰ নৱনিযুক্ত মুখপাত্ৰ অশ্বিনী পাইতক সম্বৰ্ধনা জনোৱা হয় ৷

felicitation program by district BJP jonai dhemaji assam etv bharat news
সম্বৰ্ধনা সভা

জোনাই,2 চেপ্তেম্বৰ:মঙলবাৰে ধেমাজিৰ জোনাইত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এক দলীয় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাতে দলটোৰ নৱনিযুক্ত মুখপাত্ৰ অশ্বিনী পাইতক সম্বৰ্ধনা জনোৱা হয় ৷ পূৱ জোনাই মণ্ডলৰ কাৰ্যালয়ত আদিত্য বৰুৱাৰ সভাপতিত্বত শতাধিক কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মুখপাত্ৰগৰাকীক দলীয় কৰ্মীয়ে সম্বৰ্ধনা জনায় ৷ ইয়াৰ লগতে সভাখনত বিজেপি দলটোত কংগ্ৰেছ আৰু গণশক্তি দলৰ কেইবাজনো কৰ্মীয়ে যোগদান কৰে ৷

ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দলীয় সম্বৰ্ধনা সভা

আনহাতে,বিজেপিৰ নৱনিযুক্ত মুখপাত্ৰগৰাকীয়ে জোনাইত গণশক্তি আৰু ভাৰতীয় জনতা দলৰ সৈতে থকা মিত্ৰতা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰে ৷ পৰৱৰ্তী নিৰ্বাচনত এই মিত্ৰতাক লৈ চিন্তা কৰিব লাগিব বুলি ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে ৷ লগতে পৰৱৰ্তী নিৰ্বাচনত সমষ্টি ভাগ হোৱাৰ ইংগিত প্ৰকাশ কৰে পাইতে ৷ পাইতে জোনাইৰ বিধায়ক ভূৱন পেগুক সভাখনৰ মাজেৰে তীব্ৰ সমালোচনা কৰে৷ তদুপৰি অঞ্চলটো পিছপৰি থকাৰ মূলতে গণশক্তি দল বুলি দলটোক কটাক্ষ কৰে৷ পৰৱৰ্তী নিৰ্বাচনত কোনোপধ্যে গণশক্তিৰ সৈতে বুজাবুজি নকৰি নিজৰ দলৰ যোগ্য ব্যক্তিক টিকট প্ৰদান কৰি জয়ী কৰাব লাগিব বুলি কৰ্মীসকলক আহ্বান জনায় মুখপাত্ৰগৰাকীয়ে৷ লগতে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি পাইতে সংবাদ মাধ্যমৰ সৈতে পৰিচিত নোহোৱা বাবে সমষ্টিটোৰ বিগত দুবাৰকৈ নিৰ্বাচনত পৰাজিত হোৱাৰ অন্যতম কাৰণ বুলি আক্ষেপ কৰে ৷

মঙলবাৰে সভাখনত উপস্থিত থাকে আৰ্টফেডৰ উপাধ্যক্ষ ৰূপা কামান, পশ্চিম জোনাই মণ্ডলৰ সভাপতি শিৱ কুমাৰ দলে, বিজেপিকৰ্মী মাধৱ মুছাহাৰী, যুৱতী দলে, প্ৰণৱ টায়ে, দিলীপ দলেৰ লগতে শতাধিক কৰ্মচাৰী আৰু দলটোৰ জ্যেষ্ঠ নেতৃবৰ্গ ৷

লগতে চাওকঃজনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

ABOUT THE AUTHOR

...view details