অসম

assam

By

Published : Jun 17, 2023, 8:21 PM IST

ETV Bharat / state

Felicitation programme: ধেমাজিত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

ধেমাজিত সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উদ্য়োগত অনুষ্ঠিত কৰা হয় কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান । ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সোনোৱাল কছাৰী জনগোষ্ঠীৰ মাজত প্ৰথম বিভাগ, ষ্টাৰ আৰু ডিষ্টিংচন লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৬৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫৭ গৰাকী কৃৰ্তি ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

Felicitation of meritorious students in Dhemaji
ধেমাজিত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

ধেমাজিত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

জোনাই,১৭ জুন: সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম, ষ্টাৰ আৰু ডিষ্টিংচন লাভ কৰা কৃতি ছাত্র-ছাত্ৰীৰ লগতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ পৰীক্ষাত দশম শ্ৰেণীত ষাঠি শতাংশ নম্বৰ লাভ কৰা কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱন সোনোৱালে সভাপতিত্ব কৰা অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চন্দন কছাৰীয়ে । অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মৰাণ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ তুলসী সোনোৱালে নতুন শিক্ষা নীতিৰ বিষয়ত খৰচি মাৰি বক্তব্য ৰাখি কয় এতিয়াৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিৰ আধাৰত যুগুতোৱা শিক্ষা ব্যৱস্থাৰ সৈতে খাপ খাব পৰাকৈ সাজু হ'বলৈ আহ্বান জনাই ।

তেওঁ পুনৰ কয় যে, ছাত্র-ছাত্ৰীসকলে সুখ্যাতিৰে পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী মানসিকতা পৰিহাৰ কৰি জাতি, সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যোৱা উচিত বুলি বক্তব্য ৰাখি ভৱিষ্যতে এগৰাকী ৰুচিসম্পন্ন আৰু সংস্কৃতিৱান নাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি সাৰুৱা ভাষণ আগবঢ়ায় ।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেঙে কয় যে, কৃতি শিক্ষাৰ্থী সকলে গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি জীৱনটো আগুৱাই নিব লাগিব বুলি বক্তব্য ৰাখি স্বকীয় জাতিসত্বা জীয়াই ৰখাৰ স্বাৰ্থত মেধাৱী শিক্ষাৰ্থীসকলে সদায় অহোপুৰুষাৰ্থ কৰি নতুন প্ৰজন্মৰ মাজত কৰ্ম-সংস্কৃতি সৃষ্টি কৰিব লাগিব বুলি উল্লেখ কৰে ।

সম্বৰ্ধনা অনুষ্ঠানত স্মাৰক গ্ৰন্থ প্ৰভাতী সূৰুয উন্মোচন কৰি সোনোৱাল কছাৰী সাহিত্য সভাৰ উপ সভাপতি হেৰম্ব প্ৰসাদ দাসে কয় সু-শিক্ষাৰে শিক্ষিত হৈ ছাত্র-ছাত্ৰী সকলে কৰ্মসংস্থাপনত আত্মনিয়োগ হোৱাৰ সমান্তৰালভাৱে সাহিত্য-সংস্কৃতি বিকাশৰ দিশতো মনোনিবেশ কৰা উচিত । লগতে তেওঁ কয় যে, এগৰাকী সু-লেখক, সাহিত্যিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ কলেজীয়া জীৱনৰ পৰাই চেষ্টা চলাব লাগে ।

সভাত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱালকে আদি কৰি বিশিষ্ট ব্যক্তসকলে কৃতি শিক্ষাৰ্থীসকলক উদ্দেশ্যি গঠনমূলক ভাষণ আগবঢ়ায় । অনুষ্ঠানত এইবছৰ ধেমাজি জিলাৰ পৰা সোনোৱাল কছাৰী জনগোষ্ঠীৰ মাজত প্ৰথম বিভাগ, ষ্টাৰ আৰু ডিষ্টিংচন লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ১৬৭ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ৫৭ গৰাকী কৃৰ্তি ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক:বানৰ সময়তে ধেমাজিত আবতৰীয়া ভেলেন্টাইন ডে’; কিন্তু কিয় ?

ABOUT THE AUTHOR

...view details