জোনাই, 19 ছেপ্টেম্বৰ:ধেমাজি জিলাৰ চিলাপথাৰত পিতৃ-কন্যাৰ সম্বন্ধক কলুষিত কৰাৰ ঘটনা সংঘটিত হৈছে ৷ নিজ কন্যাক পিতৃয়ে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ মাতৃয়ে ৷ পিষ্টল দেখুৱাই কন্যাৰ লগত এই জঘন্য কাণ্ড সংঘটিত কৰাৰ কৰা স্বীকাৰ কৰিছে মাতৃয়ে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 12 ছেপ্টেম্বৰত পিতৃয়ে 13 বছৰীয়া কন্যাক পিষ্টল দেখুৱাই অসৎ অভিপ্ৰায় সিদ্ধি কৰে ৷ এই কথা কাৰোবাক ক’লে হত্যা কৰাৰো ভাবুকি দিয়ে পিতৃয়ে ৷ এই সমগ্ৰ ঘটনাৰ কথা জানিবলৈ পাৰি মাতৃয়ে প্ৰাণৰ মমতাত ভুক্তভোগী কন্যাগৰাকীক লগত লৈ গুৱাহাটীত আশ্ৰয় লয় ৷ ইয়াৰ পিচতে যোৱা 16 ছেপ্টেম্বৰত এজাহাৰ দিবলৈ কন্যাসহ মাতৃ উপস্থিত হয় দিছপুৰ থানাত।মাতৃৰ অভিযোগ অনুসৰি আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰে আৰু ইতিমধ্যে দণ্ডাধীশে ষ্টেটমেণ্ট লোৱা বুলি মাতৃগৰাকীয়ে সাংবাদিকক সদৰী কৰিছে।
এই নিকৃষ্ট ঘটনা সংঘটিত কৰা লোকজন চিলাপথাৰ বামগাঁও নিবাসী এজন প্ৰখ্যাত ব্যৱসায়ী ৷ শিলভঙা ক্ৰেচাৰ মেচিন, ফকলেণ্ড, এক্সকেভেটৰ, ডাম্পাৰ আদি অলেখ যান বাহন আৰু সা-সম্পত্তিৰ গৰাকী এইজন ব্যৱসায়ী । তেওঁৰ লগত 24 ঘন্টাই ৰাখে এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল।