ধেমাজি,9জানুৱাৰী:যি সময়ত ৰাজ্যত সংস্থাপনৰ অভাৱত একাংশ নিবনুৱাই কৰ্ম-সংস্থাপনৰ বাবে বহি ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়ত নিজৰ ঠাইতে কৃষি বিপ্লৱৰ সূচনা কৰি নিদশৰ্ন দেখুৱাইছে একাংশ উদ্যমী নিবনুৱা যুৱকে ৷ বিশেষকৈ অসম-অৰুণাচল সীমান্তৰ শলখনিত নিলখ তৰাণি পথাৰ উদ্যমী যুৱ কৃষক ভৱেন হালৈসহ আন তিনি গৰাকীকৈ যুৱ কৃষকে কৃষি বিপ্লৱৰ জৰিয়তে আনিছে আশাৰ বতৰা ৷
সাংবাদিকৰ আগত ভৱেন হালৈয়ে জানিবলৈ দিয়ে যে, সীমান্তৰ অৰুণাচলী লোকৰ পৰা লীজত লোৱা 40 বিঘা মাটিৰ ১৬ বিঘা ৰঙালাউ, 4 বিঘাত আলু ,২০০০ ষ্ট্ৰ'বেৰী পুলি আদি এঘাৰ বিধ বিভিন্ন পাচলি জাতীয় খেতি কৰা হৈছে ৷ ইতিমধ্যে আগতীয়াকৈ ৰঙালাউ বিক্ৰী কৰি 4লাখ 50 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই ৰঙালাউসমূহ ধেমাজি, তিনিচুকীয়া, চৰাইদেউ বজাৰত বিক্ৰী কৰা হৈছে ৷