ধেমাজি,২৭ এপ্ৰিল :অসম কৃষি বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত ধেমাজিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজন কৰা হৈছে কৃষকৰ অংশীদাৰিত্ব আমাৰ প্ৰাথমিকতা (Farmers' Partnership is our priority) শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ । ভাৰতৰ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ২৬ এপ্ৰিলৰ ৩০ এপ্ৰিললৈকে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মঙলবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহ আয়োজিত হয় এক বিশেষ সভাৰ । য'ত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Assam Education minister at KVK in Dhemaji)।
শিক্ষা মন্ত্ৰীগৰাকীয়ে কৃষকসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে । নিৰৱচ্ছিন্নভাৱে লাগি থাকি সফলতাৰ বাট মুকলি কৰি উপাৰ্জন দুগুণ কৰিবলৈ কৃষকসকলক তেওঁ পৰামৰ্শ আগবঢ়ায় ৷ ইফালে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আচঁনিত কৃষকসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে এই সভা অনুষ্ঠিত কৰি বিস্তৃতভাৱে আলোকপাত কৰে কৃষি বিশ্ব বিদ্যালয়ৰ কেইবাগৰাকী কৃষি বিজ্ঞানীয়ে ৷