ধেমাজি, 29 ডিচেম্বৰঃ এতিয়া ৰবি শস্যৰ বতৰ । সেয়ে বিভিন্ন প্ৰান্তত উদ্যমী কৃষকসকলে বতৰৰ বিবিধ পাচলিৰে সেউজীয়া কৰি তুলিছে পথাৰ, বাৰী আৰু চৰ চাপৰি সমূহ । ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ মুক্তিয়া পঞ্চায়তৰ অন্তৰ্গত 1 নং আৰ্ণে চাপৰিৰ সু-বিস্তীৰ্ণ অঞ্চলত কৃষিৰে সেউজ বিপ্লৱ গঢ়ি তুলিছে স্থানীয় ৰাইজে । এটা দুটা নহয় এশৰো অধিক পৰিয়ালে কৃষিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ দাঙি ধৰিছে অসমৰ অসমীয়াৰ কৰ্মসংস্কৃতিৰ নিৰ্দেশন । ইয়াৰে ভিতৰত কেইজনমান উদ্যমী যুৱ কৃষক হৈছে ক্ৰমে ভূৱন পেগু , দিলীপ কুমাৰ টায়ে, মুহি মৰাং, ৰুনু পেগু , জুন পেগু, লুচন সিং টায়ে, নগেন টায়ে ,ভূগেন টায়ে আদি । উল্লেখ্য যে, প্ৰত্যেকে একেটা চাপৰিতে একে সময়তে পৃথকে পৃথকে খেতি কৰি আহিছে । উল্লেখ্য যে, এই চাপৰিত উৎপাদিত হোৱা জলকীয়া ,বিলাহী ,বন্ধা কবি, ব্ৰকলি ,বিন জাতীয় পাচলি , নিতৌ 2-3 খন গাড়ীৰে ধেমাজি জিলাৰ উপৰিও ডিব্ৰুগড় , তিনিচুকীয়া, মৰাণ আৰু অৰুণাচলৰ পাচিঘাট আদিলৈ যায় ।
ইপিনে অঞ্চলটোৰ কৃষসকলক উৎসাহিত কৰাৰ উদ্দেশ্য ধেমাজি জিলা কৃষি বিষয়া গৰাকীয়ে শনিবাৰে চাপৰিটো পৰিদৰ্শন কৰি কৃষকৰ সমস্যাৰ বিষয়ে বুজ লয় । নতুন বছৰটোৰ পহিলা মাহটোৰ ভিতৰতে অঞ্চলটোৰ কৃষকৰ বাবে 28 টা সৌৰ পাম্প যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে এই চাপৰিত ৰাসায়নিক সাৰৰ প্ৰভাৱ নথকা বাবে ইয়াৰ উৎপাদিত পাচলিৰে বহি জিলাত উচিত মূল্য পাব বুলিও আশা প্ৰকাশ কৰিছে বিষয়া গৰাকীয়ে ৷