অসম

assam

ETV Bharat / state

কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ প্ৰতিবাদত উত্তাল জোনাই

কৃষকৰ সমস্যা সমাধানৰ দাবীত কৃষক অধিকাৰ সুৰক্ষা সমিতি, জোনাইৰ উদ্যোগত উত্তাল প্ৰতিবাদ ৷ হাতে হাতে প্লে' কাৰ্ড লৈ উত্তাল কৰি তোলে জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ ৷

By

Published : Dec 4, 2019, 7:42 PM IST

JONAI PROTEST FOR FARMER
জোনাইত কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ

জোনাই, 4 ডিচেম্বৰ :জোনাইত কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ উত্তাল প্ৰতিবাদ ৷ কৃষকৰ সমস্যা সমাধানৰ দাবীত বুধবাৰে কৃষক অধিকাৰ সুৰক্ষা সমিতি , জোনাইৰ উদ্যোগত জোনাই ৰাংকপ তিনিআলিৰ পৰা মহকুমাধিপতিৰ কাৰ্যালয়লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শতাধিক কৃষকে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি হাতে-হাতে প্লে' কাৰ্ড লৈ উত্তাল কৰি তোলে জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদ ৷ সংগঠনটোৰ সভাপতি মহেশ পেগু আৰু সম্পাদক নিৰ্মল দ'লেৰ মন্তব্য জোনাই মহকুমাৰ কৃষকৰ বাবে চৰকাৰীভাবে ঘোষণা কৰা কেচিচি ঋণ বিচাৰি চাৰি-পাঁচ বছৰ পৰ্যন্ত কৃষি বিভাগ আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহত তাঁত বাটি কৰিবলগীয়া হৈছে ৷

লগতে কৃষকৰ সমস্যা সমাধানৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহক বহুবাৰ আবেদন কৰিছিল বুলিও জনায় প্ৰতিবাদকাৰীসকলে ৷ জোনাই মহকুমাৰ মহকুমাধিপতি আৰু ধেমাজি জিলাৰ উপায়ুক্তক অৱগত কৰাৰ পিছত কোনোধৰণৰ সুফল নোপোৱাৰ বাবে বিগত বৰ্ষৰ 3 মাৰ্চত মুখ্যমন্ত্ৰীকে ধৰি বিত্ত মন্ত্ৰী আৰু কৃষি মন্ত্ৰীলৈ কৃষকৰ অৱস্থাৰ কথা উল্লেখ কৰি কেচিচি ঋণৰ বাবে এক বিশেষ চৰকাৰী বাজেট দিয়াৰ ব্যৱস্থা কৰিবলৈ জোনাই মহকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু চৰকাৰৰ ফালৰ পৰা সামান্য সহানুভুতিও প্ৰদৰ্শন নকৰিলে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে । অসহায় কৃষকসকলক প্ৰতিদিনেই সেৱা আগবঢ়োৱাৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে ৷

জোনাইত কৃষকৰ উত্তাল প্ৰতিবাদ


আৰু পঢ়ক : 5 ডিচেম্বৰত কেবৰ বিৰোধিতাৰে লাষ্টগেট কপাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে

ABOUT THE AUTHOR

...view details